যোৰহাট ষ্টেডিয়ামত সোমবাৰে দৃষ্টিহীন খেলুৱৈসকলৰ মাজত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাত হঠাৎ আকস্মিকভাৱে মৃত্যু হয় এগৰাকী খেলুৱৈৰ ।
যোৰহাট ষ্টেডিয়ামত সোমবাৰে দৃষ্টিহীন খেলুৱৈসকলৰ মাজত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাত হঠাৎ আকস্মিকভাৱে মৃত্যু হয় এগৰাকী খেলুৱৈৰ ।
যোৰহাট ষ্টেডিয়ামত সোমবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ ঘটনা। উজনি অসম দৃষ্টিহীন বন্ধু সংঘৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত সোমবাৰে দৃষ্টিহীন খেলুৱৈসকলৰ মাজত অনুষ্ঠিত ক্ৰিকেট প্ৰতিযোগিতাত হঠাৎ আকস্মিকভাৱে মৃত্যু হয় এগৰাকী খেলুৱৈৰ (Young Guwahati player dies)।
এই ক্ৰিকেট প্ৰতিযোগিতাখনত হঠাৎ খেলপথাৰতে ঢলি পৰে এগৰাকী খেলুৱৈ। গুৱাহাটী গৰচুকৰ পশ্চিম বৰাগাঁৱৰ পৰা যোৰহাটত (Jorhat) খেলিবলৈ অহা কৃষ্ণ কোঁৱৰ নামৰ যুৱকজনক তাৎক্ষণিকভাৱে জেএমচিএইচলৈ নিয়া হয় যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে।
দৃষ্টিহীন খেলুৱৈসকলৰ মাজত আয়োজন কৰা এই ক্ৰিকেট প্ৰতিযোগিতাত যোৰহাট , নগাঁও আৰু গুৱাহাটীৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল। এই অপ্ৰত্যাশিত ঘটনাই সকলোকে শোকস্তব্ধ কৰি তুলিছে । মৃত যুৱকজন হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ সন্দেহ কৰা হৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|