গুৱাহাটীৰ ডাউন টাউনৰ সৰুমটৰীয়াৰ পৰা নিৰুদ্দেশ এগৰাকী যুৱতী ৷ যুৱতীগৰাকীৰ নাম পাৰবীন চুলতানা ৷ যুৱতীগৰাকীয়ে শুকুৰবাৰে নিজ ঘৰৰ পৰা দোকানলৈ ওলাই যোৱাৰ পিছতে নাই কোনো সন্ধান ৷
২৬ বছৰীয়া যুৱতী গৰাকীৰ পৰিয়ালে দিছপুৰ থানাত দাখিল কৰিছে এক এজাহাৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ যদিওবা এই পৰ্যন্ত কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷ নিৰুদ্দেশ হোৱা যুৱতীগৰাকীৰ ঘটনাক লৈ কোনো কাৰণ বিচাৰি পোৱা নাই পৰিয়াল লোকে ৷
যুৱতীগৰাকীৰ সন্ধান পালে ৭০৮৬২৯৬৩৯৩ নম্বৰত যোগাযোগ কৰাৰ আহ্বান পৰিয়ালৰ লোকৰ ৷ যুৱতীগৰাকীয়ে ব্যৱহাৰ কৰা মোবাইল ফোনটো ইতিমধ্যে বন্ধ হোৱা দেখাইছে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|