ৰাষ্ট্ৰীয় কিক্ বক্সিং চেম্পিয়নশ্বীপত অসমৰ খেলুৱৈৰ জয়যাত্ৰা ৷ চণ্ডীগড়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিক্ বক্সিঙত সোণৰ পদক অৰ্জনৰে গোৱালপাৰাৰ যুৱতী খেলুৱৈৰ সাফল্য ৷ ৰাষ্ট্ৰীয় কিক্ বক্সিঙৰ ৬০ কিলোগ্ৰাম অনুৰ্দ্ধৰ চিনিয়ৰ মহিলা শাখাত অসমৰ হৈ একমাত্ৰ সোণৰ পদক আনিবলৈ সক্ষম হৈছে গোৱালপাৰাৰ মাটিয়াৰ নূপুৰ ৰাজবংশীয়ে ৷
প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত খেলুৱৈগৰাকী ৷ নূপুৰ ৰাজবংশীয়ে ৬০ কিঃগ্ৰাঃৰ চিনিয়ৰ শাখাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি অসমৰ ভিতৰত একমাত্ৰ সোণৰ পদকটো লাভ কৰিবলৈ সক্ষম হয় ৷
আনহাতে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা গোৱালপাৰা জিলাৰ ২২ গৰাকী খেলুৱৈৰ ভিতৰত ২১ গৰাকীয়ে বিভিন্ন শাখাত সোণকে ধৰি বিভিন্ন পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখ্য যে পঞ্জাৱৰ চণ্ডীগড় বিশ্ববিদ্যালয়ত যোৱা ২৭ নবেম্বৰৰ পৰা ৩০ নবেম্বৰলৈ অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক্ বক্সিং চেম্পিয়নশ্বীপ ৷ উক্ত প্ৰতিযোগিতাত অসমৰ কেইবাগৰাকীও প্ৰতিযোগীয়ে বিভিন্ন শাখাত অংশগ্ৰহণ কৰি সোণৰ পদকসহ কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হয় ৷
সোণৰ পদক লাভ কৰি নূপুৰ ৰাজবংশীৰ প্ৰতিক্ৰিয়া- মা, দেউতা আৰু প্ৰশিক্ষকৰ প্ৰেৰণাৰ বাবে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ ৷ সফলতাৰ বাবে কঠোৰ অনুশীলন কৰিছিলোঁ ৷ সফলতাৰ বাবে প্ৰতিগৰাকী প্ৰশিক্ষকক কৃতিত্বসহকাৰে শলাগ জনায় খেলুৱৈগৰাকীয়ে ৷ লগতে অনাগত দিনত আন্তঃৰাষ্ট্ৰীয় তথা অলিম্পিক পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰাৰ সপোনৰ কথা উল্লেখ কৰে খেলুৱৈ গৰাকীয়ে ৷
তদুপৰি শৰীৰ চৰ্চা আৰু উশ্বু খেলতো পাৰদৰ্শিতা আছে নূপুৰ ৰাজবংশীৰ ৷ ইতিমধ্যে ২০২১ বৰ্ষত বডী বিল্ডিংত মিছ ফিটনেছ গোৱালপাৰা, মিছ ফিটনেছ অসম ৰানাৰ্চআপ খিতাপকে ধৰি ৰাজ্যিক- আন্তঃৰাজ্যিক পৰ্যায়ত সোণৰ পদকসহ কেইবাটাও পদক লাভ কৰিছে নূপুৰে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|