உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • এটা লিচুও হ’ব পাৰে মৃত্যুদূত! টীয়কত এটা লিচুৱে প্ৰাণ ল’লে ১৬ বছৰীয়া যুৱতীৰ

    এটা লিচুও হ’ব পাৰে মৃত্যুদূত! টীয়কত এটা লিচুৱে প্ৰাণ ল’লে ১৬ বছৰীয়া যুৱতীৰ

    দেওবাৰে পুৱাই টীয়কত এটা লিচুৱেই কাল হৈ পৰিল এগৰাকী ষোল্ল বছৰীয়া যুৱতীৰ বাবে‌।

    দেওবাৰে পুৱাই টীয়কত এটা লিচুৱেই কাল হৈ পৰিল এগৰাকী ষোল্ল বছৰীয়া যুৱতীৰ বাবে‌।

    দেওবাৰে পুৱাই টীয়কত এটা লিচুৱেই কাল হৈ পৰিল এগৰাকী ষোল্ল বছৰীয়া যুৱতীৰ বাবে‌।

    • Share this:
    এতিয়া আম, লিচুৰ বতৰ‌। ডাল ভৰি ভৰি পকিছে মঙহাল লিচু। লিচু সকলোৰে প্ৰিয়। দেখিলেই জিভাৰ পানী পৰে পকি ৰঙা হৈ থকা লিচুবোৰ। কিন্তু সকলোৰে প্ৰিয় এইবিধ বতৰৰ ফলো কেতিয়াবা ঘাটক হৈ পৰে।

    দেওবাৰে পুৱাই টীয়কত এটা লিচুৱেই কাল হৈ পৰিল এগৰাকী ষোল্ল বছৰীয়া যুৱতীৰ বাবে‌।টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কাকজান সোণাৰী গাঁৱৰ জিতেন বৰুৱা নামৰ লোকজনৰ কন্যা প্ৰিয়া বৰুৱাই পিতৃয়ে বজাৰৰ পৰা অনা এটা লিচু খাওঁতেই সংঘটিত হ'ল মৰ্মান্তিক ঘটনা।

    হঠাৎ লিচুটো ডিঙিত লাগি ধৰে যুৱতী গৰাকীৰ। পৰিয়ালৰ লোকে ঘৰতেই চেষ্টা কৰি লিচুটো উলিয়াবলৈ সক্ষম হয় যদিও উশাহ লোৱাত কষ্ট পোৱাত ততালিকে লৈ যায় চিকিৎসালয়লৈ।কিন্তু চিকিৎসালয় গৈ পোৱাৰ পূৰ্বেই মৃত্যুক সাবটিব লগা হয় যুৱতীগৰাকীয়ে। সামান্য এটা লিচু যুৱতীগৰাকীৰ মৃত্যুদূত হৈ পৰা ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।
    Published by:Sanjay Kumar Das
    First published: