"ডুগডুগী"ৰে বিশ্বজুৰি খ্যাতি অৰ্জন কৰা যুৱ উদ্যোগী উৎপল বণিয়াই যোগ দিব অসম জাতীয় পৰিষদত, ৰহাৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা

News18 Assam | News18-Assam
Updated:January 11, 2021, 9:43 PM IST
১৬ জানুৱাৰীত নগাঁৱৰ কচুঁৱাত অসম জাতীয় পৰিষদে আয়োজন কৰা বিশাল জনসমাবেশত আনুষ্ঠানিক ভাবে অজাপত যোগ দিব উৎপল বণিয়াই

১৬ জানুৱাৰীত নগাঁৱৰ কচুঁৱাত অসম জাতীয় পৰিষদে আয়োজন কৰা বিশাল জনসমাবেশত আনুষ্ঠানিক ভাবে অজাপত যোগ দিব উৎপল বণিয়াই

  • Share this:
অসমৰ থলুৱা গহণা উদ্যোগক বিশ্বৰ বুকুত চিনাকী কৰি দিয়াত সফল ভুমিকা লোৱা যুৱ উদ্যোগী উৎপল বণিয়াই যোগ দিব অসম জাতীয় পৰিষদত। সমগ্ৰ অসমতে ডুগডুগী নামৰ অসমীয়া গহণাৰ প্ৰতিষ্ঠানৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা উৎপলে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত যুৱ উদ্যোগী হিচাপে বহু সন্মান বুটলিবলৈ সক্ষম হৈছে।

নগাঁৱৰ ৰণথলীৰ উদ্যমী যুৱক উৎপল বণিয়াই স্ব-নিয়োজনৰ জৰিয়তে বহু অসমীয়া নিবনুৱাক আত্মনিৰ্ভৰশীলতাৰ বাট দেখুৱাবলৈ সক্ষম হৈছে। বিগত বৰ্ষত হোৱা কা বিৰোধী আন্দোলনত সবল ভুমিকা পালন কৰা উৎপল বণিয়াই আজি নগাঁৱৰ হোটেল নগাঁও পইণ্টত এক সংবাদমেলৰ আয়োজন কৰে।  সংবাদমেলতে তেওঁ অসম জাতীয় পৰিষদত যোগদান কৰাৰ সিদ্ধান্তৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰে। উৎপল বণিয়াই সংবাদমেলত জনোৱা অনুসৰি অহা ১৬ জানুৱাৰীত নগাঁৱৰ কচুঁৱাত অসম জাতীয় পৰিষদে আয়োজন কৰা বিশাল জনসমাবেশত আনুষ্ঠানিক ভাবে অজাপত যোগ দিব।

অনাগত নিৰ্বাচনত তেওঁ ৰহা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত উৎপলে কয়, "দলে যদি মোক সেই দায়িত্ব দিয়ে তেনেহ'লে মই নিশ্চয় পালন কৰিম।"

উৎপল বণিয়াই জনোৱা অনুসৰি ১৬ জানুৱাৰীত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈক ৰহা চাৰিআলিৰ পৰা কচুৱা লৈকে বাইক ৰেলীৰে আদৰি নিয়া হ'ব। অজাপৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকিব লগা এই জনসমাবেশতে উৎপল বণিয়াই অজাপত যোগদানৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিব।

আনহাতে অজাপত যোগদানৰ সিদ্ধান্ত কিয় ল'লে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত উৎপলে কয়, "মই এগৰাকী জাতীয়তাবাদী ভাবধাৰাৰ অসমীয়া। জীয়াই থকালৈকে আজীৱন মই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি যাম আৰু অজাপৰ জৰিয়তে কা ৰ বিৰুদ্ধে যুঁজি যোৱাৰ বাবেই মই এই সিদ্ধান্ত লৈছো।"
Published by: Himangshu Bhuyan
First published: January 11, 2021, 9:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading