নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত অৱস্থিত মঞ্জিত নামৰ ধাবাখনৰ স্বত্বাধিকাৰী আছিল ৩৫ বছৰীয়া যুৱকজন৷
নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত অৱস্থিত মঞ্জিত নামৰ ধাবাখনৰ স্বত্বাধিকাৰী আছিল ৩৫ বছৰীয়া যুৱকজন৷
ব্যৱসায়ৰ প্ৰাণ কেন্দ্ৰৰূপে পৰিচিত চামগুৰি আমনি অঞ্চলৰ পৰা এজন যুৱ ব্যৱসায়ী দুদিন ধৰি সন্ধানহীন হৈ থকাৰ ঘটনাই সৃষ্টি কৰিছে এক ৰহস্যঘন পৰিৱেশৰ৷ সন্ধানহীন হৈ থকা যুৱ ব্যৱসায়ীজনৰ নাম সঞ্জিত ওৰফে শৈলেশ ৰায়৷ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত অৱস্থিত মঞ্জিত নামৰ ধাবাখনৰ স্বত্বাধিকাৰী আছিল ৩৫ বছৰীয়া যুৱকজন৷
আমনি ব্যৱসায়ী সন্থাৰ সদস্য তথা ৰাষ্ট্ৰীয় স্বয়ং সংঘৰ আমনি খণ্ডৰ ব্যৱস্থাপকৰ দায়িত্বত থকা সৰবৰহী লোকজনে শনিবাৰে পুৱা প্ৰায় ৫.৩০ বজাত নিজৰ ধাবাখন খুলিয়েই প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ পাছৰে পৰা এই পৰ্যন্ত নিখোজ হৈ আছে৷ লোকজনে হাফ পেণ্ট আৰু গেঞ্জী পৰিধান কৰি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেদি মোবাইলত কথা পাতি পাতি খোজ কাঢ়ি গৈ থকাও স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল। সম্প্ৰতি লোকজনৰ সন্ধানত চামগুৰি আৰক্ষীয় অনুসন্ধান অব্যাহত ৰাখিছে যদিও বিশেষ কোনোধৰণৰ সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|