• Home
  • »
  • News
  • »
  • assam
  • »
  • নুমলীগড়ত মালিকৰ অত্যাচাৰ সহিব নোৱাৰি ধনশিৰি নৈত জাপ দিলে বনকৰা যুৱকে

নুমলীগড়ত মালিকৰ অত্যাচাৰ সহিব নোৱাৰি ধনশিৰি নৈত জাপ দিলে বনকৰা যুৱকে

Photo : sowetanlive

Photo : sowetanlive

নুমলীগড়ত মালিকৰ অত্যাচাৰ সহিব নোৱাৰি ধনশিৰি নৈত জাপ দিলে বনকৰা যুৱকে।

  • Share this:
নুমলীগড়ত মালিকৰ অত্যাচাৰ সহিব নোৱাৰি ধনশিৰি নৈত জাপ দিলে বনকৰা যুৱকে।
নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁৱত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, কমাৰগাঁৱৰ ২ নং পাৰঘাটৰ ক্ষুদ্ৰ ব্যবসায়ী মুন্না কানুৰ ঘৰত বনকৰা যুৱক হিচাপে আছিল সঞ্জয় নামৰ এজন যুৱক। শণিবাৰে সঞ্জয়ক ঘৰৰ মালিকে বেয়াকে মাৰপিট কৰে।

সঞ্জয়ে প্ৰাণৰ মমতাত ছেগ বুজি ঘৰৰ ধনশিৰি নদীৰ দিশে দৌৰিবলৈ আৰম্ভ কৰে। কিন্তু মালিকে তেতিয়াও সঞ্জয়ক মাৰিবলৈ মটৰচাইকেল লৈ আন এজন কৰ্মচাৰীৰ সৈতে খেদি যায়। মালিকৰ ভয়ত সঞ্জয় ধনশিৰি নদীৰ কাষ পাইগৈ। ইফালে মালিক মুন্না আৰু কৰ্মচাৰী  দেখা পাই অৱশেষত প্ৰাণৰ মমতাত সঞ্জয়ে ধনশিৰি নদীত জপিয়াই দিয়ে। কিন্তু তেতিয়াও সঞ্জয়ক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে ঘৰলৈহে উভতি আহে ঘৰৰ মালিক মুন্না।

বৰ্তমান স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে চলাই আছে সঞ্জয়ক উদ্ধাৰৰ অভিযান।ইফালে প্ৰত্যক্ষদৰ্শীৰ মন্তব্যৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্য আটক কৰিছে ঘৰৰ মালিক মুন্নাক।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি