• Home
  • »
  • News
  • »
  • assam
  • »
  • কোৱাৰেণ্টাইন কেন্দ্ৰত থকাৰ ভয়, জীৱন শেষ কৰিলে হোজাইৰ যুৱকে

কোৱাৰেণ্টাইন কেন্দ্ৰত থকাৰ ভয়, জীৱন শেষ কৰিলে হোজাইৰ যুৱকে

হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত মৰ্কজুল উলুম মাদ্ৰাছাৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ চৌহদত এজন যুৱকে শেষ কৰিলে নিজৰ জীৱন

  • Share this:
হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত মৰ্কজুল উলুম মাদ্ৰাছাৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ চৌহদত এজন যুৱকে শেষ কৰিলে নিজৰ জীৱন ৷ কেন্দ্ৰটোৰ চৌহদত চিপ লৈ  জীৱন ত্যাগ কৰে ৰহিম উদ্দিন নামৰ এজন যুৱকে।

বৃহস্পতিবাৰে নিশা বিদেশৰ পৰা আহি হোজাইত উপস্থিত হৈছিল যুৱকজন। ঘৰৰ পৰা প্ৰয়োজনীয় সামগ্ৰী লৈ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ অহাৰ পিছতে ৰহস্যজনক ভাবে মৃত্যুক আঁকোৱালি লয় যুৱকজনে। কোৱাৰেণ্টাইন কেন্দ্ৰত থাকিবলৈ ভয় কৰিয়েই যুৱকজনে এনে সিদ্ধান্ত ল’লে বুলি এতিয়া সন্দেহ কৰিছে বহুতে।

মৃত ৰহিম উদ্দিনৰ ঘৰ ডবকা চহৰৰ ১০ ৱাৰ্ডত ৷ কেৰালাত থাকে পিতৃ। বৰ্তমান ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

উল্লেখযোগ্য যে, যোৱা ৪ মাহ ধৰি বিদেশত কৰ্মৰত আছিল ৰহিম উদ্দিন। বৃহস্পতিবাৰে  নিশা ঘৰত উপস্থিত হোৱাৰ পিছতে পৰিয়ালৰ লোকে কোৱাৰেণ্টাইন কেন্দ্ৰত থকাৰ পৰামৰ্শ দিছিল ৰহিমক।
Published by:Himangshu Bhuyan
First published: