• Home
  • »
  • News
  • »
  • assam
  • »
  • শ্বিলং অথবা চেৰাপুঞ্জী নহয়, অসমৰ এটা জলপ্ৰপাতত এতিয়া ভিৰ কৰিছে পৰ্যটকে

শ্বিলং অথবা চেৰাপুঞ্জী নহয়, অসমৰ এটা জলপ্ৰপাতত এতিয়া ভিৰ কৰিছে পৰ্যটকে

সুউচ্চ পাহাৰৰ পৰা নামি অহা পানীত গা ধুবলৈ এতিয়া ভিৰ কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ অসংখ্য পৰ্যটকে।

সুউচ্চ পাহাৰৰ পৰা নামি অহা পানীত গা ধুবলৈ এতিয়া ভিৰ কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ অসংখ্য পৰ্যটকে।

সুউচ্চ পাহাৰৰ পৰা নামি অহা পানীত গা ধুবলৈ এতিয়া ভিৰ কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ অসংখ্য পৰ্যটকে।

  • Share this:
শেষতীয়াকৈ পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চৰাইদেউ জিলাৰ দিল্লী সংৰক্ষিত বনাঞ্চলত থকা এটা জলপ্ৰপাত। সাতটা শিলৰ সমষ্টিৰে সৃষ্টি হৈছে শিলঘাগৰী নামৰ জলপ্ৰপাতটো। উজনি অসম বা উত্তৰ অসমৰ লোকসকলে উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ যদি শ্বিলং অথবা চেৰাপুঞ্জী যাম বুলি ভাবিছে, তেন্তে তালৈ নগৈ অতি কম খৰচতে অসমৰ এটা জলপ্ৰপাতেই আপুনি উপভোগ কৰিব পাৰিব প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য। পৰিবেশ, পাহাৰৰ ফিৰফিৰিয়া বতাহজাকে পলকতে শীতল কৰিব আপোনাৰ দেহ–মন।

ইফালে, সুউচ্চ পাহাৰৰ পৰা নামি অহা পানীত গা ধুবলৈ এতিয়া ভিৰ কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ অসংখ্য পৰ্যটকে। উজনি অসমৰ অন্যতম বনভোজস্থলী দিল্লী ঘাটৰ পৰা মাত্ৰ কেইমাইল মান গ’লেই সেউজীয়া পাহাৰৰ মাজেৰে একা বেঁকা বাটেৰে গৈ চৰাইদেউ জিলাৰ হালোৱা গাঁৱত অৱস্থিত জলপ্ৰপাতৰ সৌন্দৰ্য আপুনি উপভোগ কৰিব পাৰিব।

সেয়েহে অতি কম খৰচতে আপুনি যদিহে শ্বিলং বা চেৰাপুঞ্জীৰ সুৱাস ল’ব বিচাৰিছে তেন্তে নিশ্চয় আপুনি এবাৰ গৈ আহিব পাৰে শিলঘাগৰী জলপ্ৰপাতলৈ। যদিহে অসম পৰ্যটন বিভাগে জলপ্ৰপাতটোত পৰ্যটকৰ আকৰ্ষণৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰে তেন্তে ই অসমৰ এক অন্যতম পৰ্যটনস্থলী হিচাপে পৰিগণিত হোৱাৰ থল আছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি