• Home
  • »
  • News
  • »
  • assam
  • »
  • Delhi CM Vs Assam CM : ''আপুনি ভাৰতক ১ নম্বৰ বনাব নালাগে মোদীজীয়ে এই কাম কৰি আছে''– কেজৰিৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ তুংগত

Delhi CM Vs Assam CM : ''আপুনি ভাৰতক ১ নম্বৰ বনাব নালাগে মোদীজীয়ে এই কাম কৰি আছে''– কেজৰিৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ তুংগত

দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছিল অসম চৰকাৰে বিদ্যালয় বন্ধ  সন্দৰ্ভত লোৱা সিদ্ধান্তৰ পৰাই।

দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছিল অসম চৰকাৰে বিদ্যালয় বন্ধ সন্দৰ্ভত লোৱা সিদ্ধান্তৰ পৰাই।

দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছিল অসম চৰকাৰে বিদ্যালয় বন্ধ সন্দৰ্ভত লোৱা সিদ্ধান্তৰ পৰাই।

  • Share this:
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মাজত তীব্ৰতৰ হৈ পৰিছে বাকযুদ্ধ। সামাজিক মাধ্যম টুইটাৰত ইগৰাকী মুখ্যমন্ত্ৰীয়ে সিগৰাকীক বাক্যবাণ নিক্ষেপ কৰি থকা পৰিলক্ষিত হৈছে (Twitter debate between Delhi chief minister Arvind Kejriwal and  )। শেহতীয়াকৈ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে আপে ভাৰতক ১ নম্বৰ দেশ বনাই থকা বুলি কৰা দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে– ‘আপুনি ভাৰতক ১ নং বনাব নালাগে, মোদী জীয়ে ইতিমধ্যে এই কাম কৰি আছে।’



দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছিল অসম চৰকাৰে বিদ্যালয়খন সন্দৰ্ভত লোৱা সিদ্ধান্তৰ পৰাই। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ফেইল কৰা বিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা অসম চৰকাৰক লৈ কেজৰিৱালে টুইট কৰি কৈছিল যে বিদ্যালয় বন্ধ কৰাটো সমস্যাৰ সমাধান নহয়। ইয়াৰ প্ৰত্যুত্তৰত অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই শিক্ষামন্ত্ৰী হিচাপে কাৰ্যকালত খোলা বিদ্যালয়সমূহৰ এখন তালিকা প্ৰকাশ কৰি কেজৰিৱালক লক্ষ্য কৰি টুইট কৰে। ইয়াৰ পিছতে কেজৰিৱালে উত্তৰ দিয়ে যে তেওঁৰ অসম চৰকাৰক সমালোচনা কৰাৰ উদ্দেশ্য নাই। কিন্তু অসম চৰকাৰৰ ভাল কাম-কাজবোৰ চাবলৈ মাতিলে তেওঁ ৰাজ্যখন ভ্ৰমণ কৰিব পাৰে আৰু ইজনে সিজনৰ পৰা শিকিলেহে ভাৰত ১ নম্বৰ হ’ব৷ ইয়াৰ লগতে কেজৰিৱালে তেওঁৰ ‘মেক ইণ্ডিয়া নং-১’ অভিযানৰ বিষয়েও উল্লেখ কৰে।



ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই টুইট কৰি কয়, ‘প্ৰিয় কেজৰিৱাল জী, আপোনাৰ অজ্ঞানতা বেদনাদায়ক। মই আপোনাক ক'ম দিল্লীতকৈ অসম ৫০ গুণ ডাঙৰ। আমাৰ ৪৪,৫২১ খন চৰকাৰী বিদ্যালয়ত ৬৫ লাখ শিশু পঢ়ে। আনহাতে দিল্লীত ১০০০ খনতকৈ অলপ বেছি বিদ্যালয় আছে। আমাৰ দুই লাখ শিক্ষকৰ এক নিষ্ঠাবান বাহিনী আছে। ১.১৮ লাখ মধ্যাহ্ন ভোজন কৰ্মী আছে। আমাৰ প্ৰত্যাহ্বানবোৰ দেখিলে বক্তৃতা দিবলৈ পাহৰি যাব। বানপানী, সন্ত্ৰাসবাদৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অসম। দিল্লীৰ দৰে আমাৰ সম্পদ নাই। অসমলৈ আহিলে মই আপোনাক মেডিকেল কলেজলৈ লৈ যাম, যি আপোনাৰ মহল্লাৰ ক্লিনিকতকৈ ভাল। লগতে আমাৰ মেধাৱী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতেও চিনাকি কৰাই দিম।''



উল্লেখ্য, দিল্লীৰ সুৰা নীতিক লৈ আপ আৰু বিজেপিৰ মাজত বাকযুদ্ধ চলি থকাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰীয়ে কেজৰিৱাল তথা আপ চৰকাৰক লৈ মত ব্যক্ত কৰিছে। গুৰুত্বপূৰ্ণ যে দিল্লীৰ উপ–মুখ্যমন্ত্ৰী মনীষ শিশোদিয়াৰ অসমত পিপিই কিট কেলেংকাৰি সন্দৰ্ভত কৰা অভিযোগক লৈ শিশোদিয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল আৰু শেহতীয়াকৈ মনীষ শিশোদিয়াক ক'ৰ্টত হাজিৰ হোৱাৰ বাবে জাননীও জাৰি কৰা হৈছিল।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি