ইতিমধ্যে এফ এম ই আঁচনিৰ অধীনত ১৫খন ইলেকট্ৰিক বাছ ক্ৰয় কৰা হৈছে। অহা মাহত মহানগৰীৰ ৰাজপথত চলাবলৈ সাজু হৈ উঠিছে বাছকেইখন।
ইতিমধ্যে এফ এম ই আঁচনিৰ অধীনত ১৫খন ইলেকট্ৰিক বাছ ক্ৰয় কৰা হৈছে। অহা মাহত মহানগৰীৰ ৰাজপথত চলাবলৈ সাজু হৈ উঠিছে বাছকেইখন।
হীৰক জ্যোতি মালাকাৰ : ৰাজ্যৰ পৰিবহণ ব্যৱস্থাত শীঘ্ৰে সংযোজন ঘটাৰ সম্ভাৱনা আছে এহেজাৰ ইলেকট্ৰিক বাছ। অসম ৰাজ্যিক পৰিবহণ নিগমে হাঙ্গেৰীৰ চিছেপেল হল্ডিঙৰ ভাৰতীয় বিতৰণকাৰীৰ সৈতে ৰাজ্যত ইলেকট্ৰিক বাছ চলোৱাৰ আৰ্হিৰ বাবে আলোচনা চলাইছে।
এই সন্দৰ্ভত অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে প্ৰাৰম্ভিকভাৱে এহেজাৰখন বাছ চলোৱাৰ পৰিকল্পনা কৰিছে, যিসমূহ হাঙ্গেৰিয়ান ফাৰ্মখনৰ ভাৰতীয় বিতৰণকাৰীসকলে তিনিটা শাখাত পৰ্যায় ক্রমে আগবঢ়াব। আলোচনা চূড়ান্ত পৰ্যায়ত আছে, শীঘ্ৰে চুক্তিখন স্বাক্ষৰ কৰা হ’ব।
ইতিমধ্যে এফ এম ই আঁচনিৰ অধীনত ১৫খন ইলেকট্ৰিক বাছ ক্ৰয় কৰা হৈছে। অহা মাহত মহানগৰীৰ ৰাজপথত চলাবলৈ সাজু হৈ উঠিছে বাছকেইখন। কামাখ্যাৰ পৰা চলিবলগীয়া বাছকেইখনৰ বাবে ৰূপনগৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ত দুটাকৈ চাৰ্জিং ষ্টেচন নিৰ্মাণ কৰা হৈছে।
এই আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে অসমলৈ আৰু ১০০খন ইলেকট্ৰিক বাছৰ অনুমোদন জনাইছে। ইয়াৰে ৫০খন গুৱাহাটীৰ বাবে, ২৫খনকৈ যোৰহাট আৰু শিলচৰৰ বাবে
অনুমোদন দিয়া হৈছে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|