• Home
  • »
  • News
  • »
  • assam
  • »
  • যোগ হৈছে সক্ষমতা আৰু মানসিক প্ৰশান্তি লাভৰ প্ৰধান পথ, শিৱসাগৰত ক’লে মুখ্যমন্ত্ৰীয়ে

যোগ হৈছে সক্ষমতা আৰু মানসিক প্ৰশান্তি লাভৰ প্ৰধান পথ, শিৱসাগৰত ক’লে মুখ্যমন্ত্ৰীয়ে

প্ৰণিধানযোগ্য যে ২১ জুনৰ আন্তৰ্জাতিক যোগ দিৱসৰ ১০০ দিনীয়া কাউণ্ট ডাউনৰ আজি ৫০তম দিন।

প্ৰণিধানযোগ্য যে ২১ জুনৰ আন্তৰ্জাতিক যোগ দিৱসৰ ১০০ দিনীয়া কাউণ্ট ডাউনৰ আজি ৫০তম দিন।

প্ৰণিধানযোগ্য যে ২১ জুনৰ আন্তৰ্জাতিক যোগ দিৱসৰ ১০০ দিনীয়া কাউণ্ট ডাউনৰ আজি ৫০তম দিন।

  • Share this:
‘‘যোগ আমাৰ পৰম বন্ধু। যোগক অধিক আকৰ্ষণীয় আৰু জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্য আন্তৰ্জাতিক যোগ দিৱসৰ কাউণ্ট ডাউন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। জীৱনশৈলী সুন্দৰ ৰূপত গঢ়ি তোলাৰ বাবে যোগে গুৰুত্বপূৰ্ণ ভূমিকা লয়। যোগ হৈছে সক্ষমতা আৰু মানসিক প্ৰশান্তি লাভৰ প্ৰধান পথ।" এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। শিৱসাগৰত যোগ উৎসৱত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে যোগৰ সৈতে ধৰ্মৰ সম্পৰ্ক সীমিত আৰু  যোগে প্ৰাণৰ সঞ্চাৰ কৰে বুলি মন্তব্য কৰে। ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়সমূহত  যোগবিদ্যা দিয়াৰ বাবেও আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।

প্ৰণিধানযোগ্য যে ২১ জুনৰ আন্তৰ্জাতিক যোগ দিৱসৰ ১০০ দিনীয়া কাউণ্ট ডাউনৰ আজি ৫০তম দিন। ইয়াৰ লগত সংগতি ৰাখি শিৱসাগৰত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ উৎসৱ। পুৱা ৬ বজাৰ পৰা শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, ৰংঘৰ, তলাতল ঘৰ, গৌৰী দৌল,  থাউৰা দৌল চৌহদত ৰূপায়ন কৰা হৈছে যোগ অনুশীলন কাৰ্যসূচী।

মূল কাৰ্যসূচী ৰূপায়ন কৰা ঐতিহাসিক শিৱদৌলৰ চৌহদ আৰু সমীপৱৰ্তী এলেকাত একেলগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলীসহ ৭ সহস্ৰাধিক লোকে যোগাভ্যাস কৰি ইতিহাস ৰচনা কৰে।

লক্ষ্যণীয় যে শিৱদৌল প্ৰাংগণত যোগ উৎসৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও মোৰাৰজী দেশাই নেচনেল ইনষ্টিটিউটৰ মুৰব্বী ড° ঈশ্বৰ বাসবাৰেড্ডী, চিকিমৰ স্বাস্থ্য মন্ত্ৰী  ড° এন কে শৰ্মা, অৰুণাচলৰ স্বাস্থ্য মন্ত্ৰী ড° আল লিবাং, আয়ুস মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ড° মহেন্দ্ৰভাই মঞ্জুপাৰা, অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীসহ বহু সংখ্যক বিধায়কে অংশগ্ৰহণ কৰে।

যোগ উৎসৱৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰসংঘই যোগক স্বীকৃতি দিয়াৰ লগতে বিশ্বত যোগ দিৱস পালন কৰা হৈছে বুলি মন্তব্য কৰে। আজাদী কী অমৃত মহোৎসৱ পালনত গুৰুত্ব দি সোণোৱালে লগতে শিৱসাগৰখনক বিশ্বৰ পৰ্যটনৰ ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠিত কৰাত আজিৰ কাৰ্যসূচীয়ে সহায় কৰিব বুলি দোহাৰে।
Published by:Sanjay Kumar Das
First published: