ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ', উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
ঐতিহাসিক শিৱদৌল প্ৰাংগণত 'যোগ উৎসৱ', উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ৫০ দিনৰ ব্যৱধানৰে সংগতি ৰাখি ভাৰতৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম 'আইকণিক' স্থান শিৱসাগৰত আয়োজন কৰা হয় এই ৰাষ্ট্ৰীয় যোগ অনুষ্ঠানৰ।
২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ৫০ দিনৰ ব্যৱধানৰে সংগতি ৰাখি ভাৰতৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম 'আইকণিক' স্থান শিৱসাগৰত আয়োজন কৰা হয় এই ৰাষ্ট্ৰীয় যোগ অনুষ্ঠানৰ।
‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ে অসম চৰকাৰৰ সহযোগত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত আজি আয়োজন কৰে 'যোগ উৎসৱ'। ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ৫০ দিনৰ ব্যৱধানৰে সংগতি ৰাখি ভাৰতৰ পৰ্যটন ক্ষেত্ৰৰ অন্যতম 'আইকণিক' স্থান শিৱসাগৰত আয়োজন কৰা হয় এই ৰাষ্ট্ৰীয় যোগ অনুষ্ঠানৰ।
এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ভাৰত চৰকাৰৰ আয়ুষ, পোতাশ্ৰয় আৰু জাহাজ পৰিবহণ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভাৰত চৰকাৰৰ আয়ুষ, মহিলা আৰু শিশু বিকাশ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডাঃ মহেন্দ্ৰ মুঞ্জাপাৰাৰ লগতে অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু ৫০০ৰো অধিক অতিথি। এই যোগ উৎসৱত অংশ লয় বিভিন্ন ক্ষেত্ৰৰ ৭০০০ৰো অধিক লোকে।
আনহাতে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘অহা ২১ জুনত বিশ্ব যোগ দিৱস। এইবাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱ আয়োজন কৰা হৈছে। ১০০ দিন থকা অৱস্থাত লালকিল্লাত এই অনুষ্ঠানৰ আয়জন কৰা হৈছিল। যোগ দিৱসলৈ ৫০ দিন বাকী থকা অৱস্থাত এই অনুষ্ঠান শিৱসাগৰত আয়োজন কৰা হৈছে। যোগক প্ৰধানমন্ত্ৰীয়ে বিশ্ব দৰবাৰত দাঙি ধৰাৰ বাবে চেষ্টা কৰি আহিছে। যোগ দিৱসৰ প্ৰসংগিতা দৈনিক বৃদ্ধি হৈ আহিছে।’’