মহাত্মা গান্ধীক চাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খৰ খেদাকৈ আহি খানাপাৰাত উপস্থিত হৈছিল বহুজন
মহাত্মা গান্ধীক চাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খৰ খেদাকৈ আহি খানাপাৰাত উপস্থিত হৈছিল বহুজন
২০১৯ চন, খানাপাৰালৈ মহাত্মা গান্ধী আহিব! মহাত্মা গান্ধীক চাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খৰ খেদাকৈ আহি খানাপাৰাত উপস্থিত হৈছেহি বহুজন। মহাত্মা গান্ধীক চাবলৈ মানুহ অহাৰ ভিডিঅ’ই এতিয়া ছচিয়েল মিডিয়াত লাভ কৰিছে চৰ্চা।
কিন্তু অহা জন মহাত্মা গান্ধী নহয়, ৰাহুল গান্ধীহে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে অসম প্ৰদেশ কংগ্ৰেছে খানাপাৰাত আয়োজন কৰিলে বৃহৎ জনসমাবেশ। জনতাক উদ্দেশ্যি ভাষণ ৰাখিব কংগ্ৰেছৰ সাংদৰ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ ভাষণ শুনিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিল কংগ্ৰেছ দলৰ সমৰ্থক। সাংবাদিক সকলো অত্যন্ত ব্যস্ত। তেতিয়াই এটা ব্যক্তিগত টেলিভিছন চেনেলৰ এজন সাংবাদিকে এজন কংগ্ৰেছ সমৰ্থকক শুধিলে, সভালৈ অহাৰ কাৰণ কি?
তেতিয়া উত্তৰত লোকজনে ক’লে, ‘চাবলৈ আহিছো, মহাত্মা গান্ধী আহিব, আমি চাবলৈ আহিছো।’ পিছত মুহূৰ্তৰ ভিতৰতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ভিডিঅ’টো।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|