• Home
  • »
  • News
  • »
  • assam
  • »
  • Yeshe Dorjee Thongchi: বৰেণ্য সাহিত্যিক য়েছে দৰজে ঠংচিক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান

Yeshe Dorjee Thongchi: বৰেণ্য সাহিত্যিক য়েছে দৰজে ঠংচিক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান

শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগু‌ই প্ৰদান কৰিলে আনন্দ ৰাম ঢেকিয়াল ফুকন বঁটাসাহিত্যৰ মৃত্যু হলে ভাষাৰো মৃত্যু হব। ডিজিটেল মাধ্যমত এতিয়া সাহিত্যিৰ সৃষ্টি হৈছে :ঠংছি

শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগু‌ই প্ৰদান কৰিলে আনন্দ ৰাম ঢেকিয়াল ফুকন বঁটাসাহিত্যৰ মৃত্যু হলে ভাষাৰো মৃত্যু হব। ডিজিটেল মাধ্যমত এতিয়া সাহিত্যিৰ সৃষ্টি হৈছে :ঠংছি

শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগু‌ই প্ৰদান কৰিলে আনন্দ ৰাম ঢেকিয়াল ফুকন বঁটাসাহিত্যৰ মৃত্যু হলে ভাষাৰো মৃত্যু হব। ডিজিটেল মাধ্যমত এতিয়া সাহিত্যিৰ সৃষ্টি হৈছে :ঠংছি

  • Share this:
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ৬৩ সংখ্যাক প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণি উৎসৱৰ লগত সংগতি ৰাখি  বৰ্ণাঢ্যভাৱে আয়োজন কৰা অনুষ্ঠানত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক অসমৰ শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগুৱে  "আনন্দৰাম ঢেকিয়াল ফুকন বঁটা" প্ৰদান কৰে।

নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে আজি আগবঢ়োৱা "আনন্দৰাম ঢেকিয়াল ফুকন বঁটা" গ্ৰহণ কৰি এই মন্তব্য আগবঢ়াই অসম আৰু অৰুণাচল প্রদেশৰ সাংস্কৃতিক সম্প্ৰীতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা বৰেণ্য সাহিত্যিক য়েছে দৰজে ঠংচিয়ে কয়, "আনন্দ ৰাম ঢেকিয়াল ফুকনে মাত্ৰ ২৯ বছৰীয়া জীৱন কালত অসমীয়া ভাষাক উদ্ধাৰৰ ক্ষেত্ৰত যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল তাৰ বাবে আমি সদায়েই তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিব লাগিব। তেওঁ মোৰ হৃদয়ত এগৰাকী দেৱতা স্বৰূপ । এই গৰাকী মহান ব্যক্তিৰ  নামেৰে প্ৰতিষ্ঠিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত প্ৰৱেশ মানেই তেওঁৰ আশীৰ্বাদ লাভ কৰা।"

আনহাতে বঁটাটি  গ্ৰহণ কৰি বৰেণ্য সাহিত্যিক গৰাকীয়ে  কয় ,  "অৰুণাচল প্রদেশৰ সাহিত্য সংস্কৃতি চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত অসমীয়া ভাষাই গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিছিল । কিন্তু বিভিন্ন কাৰণত ১৯৭১ চনৰ পাছত দুৰ্ভাগ্যজনক ভাৱে অসমীয়া ভাষাৰ বিদ্যালয় সমূহত প্ৰচলন হবলৈ ধৰিলে হিন্দী ভাষা । অপ্ৰিয় হ'লেও সত্য যে সেই সকল হিন্দী শিক্ষকেই এদিন শেষ কৰি পেলালে তাহানিৰ 'নেফা ' আৰু আজিৰ অৰুণাচলৰ শৈক্ষিক ,সাংস্কৃতিক আৰু ভাতৃত্ববোধৰ পৰিবেশ।"

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগুৱে  কয় যে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে য়েছে দৰজে ঠংচিৰ দৰে সাহিত্যিকক এই বঁটা প্ৰদানৰ  সিদ্ধান্ত  অতি সময়োপযোগী হৈছে । শিক্ষামন্ত্রীগৰাকীয়ে লগতে  কয় যে  প্ৰাক স্বাধীনতা কালত দুগৰাকী মহান অসমীয়াই অসমীয়া ভাষাৰ উদ্ধাৰ আৰু জাতিটোলৈ নৱজাগৰণ আনিছিল । এগৰাকী আনন্দৰাম ঢেকিয়াল ফুকন আৰু আন গৰাকী আনন্দৰাম বৰুৱা । দুয়োগৰাকীয়ে চুটি জীৱন কালত প্ৰাক স্বাধীনতা যুগত অসমত এক বৌদ্ধিক চিন্তা চেতনাৰ ভেটি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল । আনহাতে সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত কেতিয়াও ভাষাৰ পৰিধি নাথাকে বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে আৰু কয় যে তাৰ উদাহৰণ য়েছে দৰজে ঠংচি ।

উল্লেখ্য যে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে ২০১৭ চনৰ পৰাই প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে। এই বঁটাত বিশিষ্ট সাহিত্যিক গৰাকীক প্ৰশস্তি পত্ৰ, স্মাৰক বঁটা, শৰাই, গ্ৰন্থ, চেলেং, গামোচা আৰু নগদ ধন আদি প্ৰদান কৰা হয় । গাম্ভিৰ্যপুৰ্ণ অনুষ্ঠানটিত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, মহাবিদ্যালয় খনৰ অধ্যক্ষ জয় কুমাৰ সিংহ, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি চেনীৰাম  বৈদ্য,উপাধ্যক্ষ মৃদুল হাজৰিকা লগতে মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা, প্ৰাক্তন অধ্যাপক অধ্যাপিকা, ছাত্র ছাত্ৰী , প্ৰাক্তন ছাত্র ছাত্ৰীৰ লগতে ভালেসংখ্যক  ব্যক্তি উপস্থিত থাকে ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি