‘ৰাজনৈতিক হস্তক্ষেপত চলিছে সাহিত্য সভা, মই তালৈ নাযাওঁ’ পদ্মশ্ৰী য়েছে দৰজে ঠংছিৰ খং কিয়?

News18 Assam | News18-Assam
Updated:February 20, 2020, 1:05 PM IST
‘ৰাজনৈতিক হস্তক্ষেপত চলিছে সাহিত্য সভা, মই তালৈ নাযাওঁ’ পদ্মশ্ৰী য়েছে দৰজে ঠংছিৰ খং কিয়?
নিউজ18ৰ সৈতে এক এক্সক্লুছিভ সাক্ষাৎকাৰত ৰাজনৈতিক হস্তক্ষেপত অসম সাহিত্য সভা চলি থকাৰ অভিযোগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে।

নিউজ18ৰ সৈতে এক এক্সক্লুছিভ সাক্ষাৎকাৰত ৰাজনৈতিক হস্তক্ষেপত অসম সাহিত্য সভা চলি থকাৰ অভিযোগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে।

  • Share this:
পদ্মশ্ৰী লাভ কৰাৰ পিছত প্ৰথমটো সাক্ষাৎকাৰ অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰা চুবুৰীয়া অৰুণাচল প্ৰদেশৰ প্ৰথিতযশা সাহিত্যিক য়েছে দৰজে ঠংছিৰ। শুৱালকুছি অধিৱেশনলৈ নোযোৱাৰ কথা কৈ অসম সাহিত্য সভাৰ প্ৰতি বিৰাগ প্ৰকাশ কৰে ঠংছিয়ে। তেওঁ কয়, ‘কেতিয়াও সাহিত্য সভাৰ সভাপতি নহওঁ’। নিউজ18ৰ সৈতে এক এক্সক্লুছিভ সাক্ষাৎকাৰত ৰাজনৈতিক হস্তক্ষেপত অসম সাহিত্য সভা চলি থকাৰ অভিযোগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। শুৱালকুছি অধিবেশনলৈ যাবলৈ মন নাই বুলি কোৱা ঠংছিৰ স্পষ্ট মত তেওঁ কেতিয়াও অসম সাহিত্য সভাৰ সভাপতি হবলৈ নাযায়।

ৰাজনৈতিক হস্তক্ষেপত চলি আছে অসম সাহিত্য সভা!

অসম সাহিত্য সভাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিয়ে। ৰাজনৈতিক হস্তক্ষেপত চলা অসম সাহিত্য সভাত কেতিয়াও সভাপতি হ’বলৈ নিবিচাৰে বুলি স্পষ্ট কৰি দিয়ে বিশিষ্ট সাহিত্যিক গৰাকীয়ে।

সাহিত্যৰ জৰিয়তে অৰুণাচল প্ৰদেশ আৰু অসমৰ মাজত সংযোগ সৃষ্টি কৰা য়েছে দৰজে ঠংছিয়ে পদ্মশ্ৰী বঁটা লাভ কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে। উল্লেখযোগ্য যে পূৰ্বে সাহিত্য অকাডেমি বঁটাও লাভ কৰিছিল বিশিষ্ট সাহিত্যিক গৰাকীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি