য়াছ চাইক্লনৰ লগত মোকাবিলা কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ১০৩জন NDRFৰ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত জোৱান ৰাওনা হৈছে পশ্চিম বংগলৈ ৷ NDRFৰ উত্তৰ–পূৰ্বাঞ্চলৰ কমাণ্ডেন্ট ৰাজেশ ঠাকুৰৰ তত্ত্বাৱধানত আজি লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰৰ পৰা ভাৰতীয় বায়ু সেনাৰ দুখন বিশেষ বিমানত ১০৩জন জোৱানসহ আপদকালীন সেৱাৰ বিশেষ সঁজুলি লৈ ৰাওনা হৈছে পশ্চিম বংগলৈ ৷ উল্লেখ্য যে সাগৰীয় ঘূৰ্ণি বতাহে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত বংগোপসাগৰৰ উপকূলীয় অঞ্চলত আঘাত কৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিয়াৰ পিছতে দেশজুৰি সষ্টম হৈ পৰিছে NDRF ৰ লগতে উদ্ধাৰকাৰী দলসমূহ ৷
NDRFৰ দ্বাদশ বেটলিয়নৰ উত্তৰ–পূৰ্বাঞ্চলৰ মুখ্য শিবিৰ অৰুণাচল ইটানগৰৰ পৰা মেডিকেল কমাণ্ডাৰ ডাঃ এম এল ৰংমেই , কাৰ্যবাহী কামাণ্ডেণ্ট অভিনৱ কাশ্যপ আৰু সহকাৰী কামাণ্ডেণ্ট সঞ্জয় প্ৰসাদ শৰ্মাৰ নেতৃত্বত NDRFৰ জোৱানসকল ৰাওনা হৈছে পশ্চিম বংগলৈ ৷ সকলোৱে আশা কৰিছে সাগৰীয় উপকুলীয় অঞ্চলৰ ঘূৰ্ণি বতাহৰ কবলত পৰা লোকসকলক সফলতাৰে সহায় আৰু উদ্ধাৰ কৰি উভতি আহক উত্তৰ–পূৰ্বাঞ্চলৰ NDRFৰ দলটো।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|