মুখ্যপৃষ্ঠা »খবৰ »অসম »Y20 Summit 2023: বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি IIT গুৱাহাটীত Y20 বৈঠকৰ পেনেল আলোচনা

Y20 Summit 2023: বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি IIT গুৱাহাটীত Y20 বৈঠকৰ পেনেল আলোচনা

‘শান্তি স্থাপন আৰু সমন্বয়’ শীৰ্ষক পেনেল আলোচনাত পেনেলিষ্টৰূপে থাকিব দুগৰাকী আত্মসমৰ্পণকাৰী আলফা আৰু এনডিএফবিৰ নেতা

‘শান্তি স্থাপন আৰু সমন্বয়’ শীৰ্ষক পেনেল আলোচনাত পেনেলিষ্টৰূপে থাকিব দুগৰাকী আত্মসমৰ্পণকাৰী আলফা আৰু এনডিএফবিৰ নেতা

  • Share this:
গুৱাহাটীত ৬ ফেব্ৰুৱাৰীত G20ৰ অধীনত প্ৰথম ইয়ুথ-২০ (Y20)ৰ আৰম্ভণি বৈঠক, ২০২৩ৰ শুভাৰম্ভণি হয়। এই বৈঠক সন্দৰ্ভত সংবাদ মাধ্যমক অৱগত কৰি যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব মীতা ৰাজীৱলোচনে জনায় যে Y20য়ে  যুৱক-যুৱতীসকলক স্পৰ্শ কৰিব আৰু উন্নত ভৱিষ্যতৰ অৰ্থে তেওঁলোকৰ ধাৰণা সন্দৰ্ভত পৰামৰ্শ কৰিব বুলি আশা কৰা হৈছে। ৰাজীৱলোচনে এই তিনিদিনীয়া কাৰ্য্যসূচীত আলোচনা হ’বলগীয়া ৱাই-২০ৰ পাঁচটা বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰি, এই বিষয়বস্তুসমূহ যথাঃ কৰ্মৰ ভৱিষ্যত: উদ্যোগ ৪.০, উদ্ভাৱন আৰু একবিংশ শতিকা; জলবায়ু পৰিৱৰ্তন আৰু দুৰ্য্যোগৰ বিপদাশংকা হ্ৰাসঃ বহনক্ষমতাক জীৱনৰ পন্থা হিচাপে অৱলম্বন; শান্তি স্থাপন আৰু সমন্বয়ঃ যুদ্ধ বিহীন এটা যুগৰ সূচনা; সহভাজিত ভৱিষ্যৎ: গণতন্ত্ৰ আৰু শাসন ব্যৱস্থাত যুৱক-যুৱতী; স্বাস্থ্য, কল্যাণ আৰু ক্ৰীড়াঃ যুৱক-যুৱতীসকলৰ বাবে এজেণ্ডা বুলি উল্লেখ কৰে। এই প্ৰতিটো বিষয়বস্তু দেশখনৰ ভিন্ন প্ৰান্তৰ জনসাধাৰণৰ মাজত প্ৰতিধ্বনিত হয় আৰু এই বিষয়বস্তুসমূহৰ সন্দৰ্ভত প্ৰতিটো অঞ্চলৰে নিজস্ব দৃষ্টিভংগী আছে আৰু এইধৰণৰ বৈঠকে  দেশজুৰি বিভিন্ন পৰামৰ্শ গ্ৰহণত সহায় কৰিব বুলি তেওঁ কয়।

তেওঁ লগতে জনায় যে, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে ৮ ফেব্ৰুৱাৰীত Y20ৰ প্ৰতিনিধিসকলৰ সৈতে ‘ইয়ুথ ডায়লগ’ত ভাগ লৈ ভিন্ন বিষয়বস্তু সন্দৰ্ভত শ্বেতপত্ৰ উন্মোচন কৰিব। আজি ৭ ফেব্ৰুৱাৰী তাৰিখে আইআইটি, গুৱাহাটীত অনুষ্ঠিতব্য পেনেল আলোচনা সম্পৰ্কে ব্যক্ত কৰি তেওঁ কয় যে ইয়াত বিশিষ্ট বক্তাসকলে আন বিষয়ৰ লগতে উত্তৰ-পূবৰ প্ৰেক্ষাপটত অতিশয় প্ৰাসংগিক বিষয়  ‘শান্তি স্থাপন আৰু সমন্বয়’ সন্দৰ্ভত আলোচনা কৰিব। লগতে তেওঁ কয় যে, উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহৰ ইতিহাস থকাৰ পৰিপ্ৰেক্ষিতত এই বিষয় অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে অতিশয় প্ৰাসংগিক হৈ উঠিব। পেনেল আলোচনাত আলফা আৰু এনডিএফবিৰ দুজন আত্মসমৰ্পণকাৰীয়েও অংশগ্ৰহণ কৰিব। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অসম চৰকাৰৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তীয়ে জনাই যে যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ লগতে ৰাজ্য চৰকাৰে যুৱক-যুৱতীসকলক Y20 সম্পৰ্কে সজাগ কৰি তেওঁলোকক ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰক্ৰিয়াত জড়িত কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।

ইয়াৰোপৰি তেওঁ কয় যে Y20ৰ ৫ টা বিষয়বস্তু সন্দৰ্ভত আয়োজিত আলোচনা চক্ৰ, বিতৰ্ক, কৰ্মশালা, কুইজ প্ৰতিযোগিতাত অসমৰ প্ৰায় ৩৬ খন শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰে। তেওঁ লগতে Y20ৰ কাৰ্য্যক্ৰমণিকাসমূহত প্ৰায় ৪০০০ বিদ্যালয়ে অংশগ্ৰহণ কৰে বুলি অৱগত কৰে। আইআইটি, গুৱাহাটীৰ সঞ্চালক প্ৰফেছৰ পৰমেশ্বৰ কে আয়েৰে কয় যে আইআইটি, গুৱাহাটীত ৱাই-২০ কাৰ্য্যসূচীৰ কাৰিকৰী অধিৱেশন আৰু আলোচনা অনুষ্ঠিত কৰিবলৈ পোৱাটো গৌৰৱৰ কথা। তেওঁ কয় যে আইআইটি, গুৱাহাটী হৈছে সেউজ হাইড্ৰজেনৰ উৎপাদনৰ দৰে অগ্ৰণী প্ৰযুক্তিসমূহৰ এক প্ৰধান গৱেষণা কেন্দ্ৰ; এই প্ৰযুক্তিসমূহৰ কেতবোৰ উদ্যোগলৈ হস্তান্তৰ প্ৰক্ৰিয়াত আছে। তেওঁ লগতে অৱগত কৰে যে কৰ্মৰ ভৱিষ্যৎ, একবিংশ শতিকাৰ দক্ষতা, জলবায়ু পৰিৱৰ্তন, বহনক্ষমতাক জীৱনৰ পন্থা হিচাপে অৱলম্বন আৰু লগতে শান্তি স্থাপন আৰু সমন্বয় সম্পৰ্কীয় বিষয় সন্দৰ্ভতো আইআইটি, গুৱাহাটীত মূল পেনেল আলোচনা অনুষ্ঠিত হ’ব।

ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত ৱাই-২০ সজাগতামূলক কাৰ্য্যসূচীসমূহৰ অৱলোকন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্ৰধান বি নাৰায়ণনে কয় যে পিআইবি, গুৱাহাটীয়ে অসম চৰকাৰৰ শিক্ষা বিভাগৰ সহযোগত সমগ্ৰ অসমৰ প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীক ৰিপ’ৰ্টিং, ডকুমেন্টেচন আৰু ম’বাইল ফটোগ্ৰাফীৰ প্ৰশিক্ষণ আগবঢ়াইছে। ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰচেষ্টাৰ শলাগ লৈ শ্ৰী নাৰায়ণনে জনায় যে প্ৰশিক্ষণপ্ৰাপ্ত এই ৫০ জন ছাত্ৰ-ছাত্ৰীৰ ৯ জনক তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰ’য়ে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছে। উল্লেখনীয় যে, ইয়াত অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাবিদসকলৰ গৱেষণা পত্ৰ উপস্থাপন কৰিব। ইয়াৰোপৰি, আইআইটি, গুৱাহাটীত অনুষ্ঠিতব্য কাৰিকৰী অধিৱেশন আৰু আলোচনাত ভাগ ল’বলগীয়া বিশিষ্ট বক্তাসকলৰ ভিতৰত আছে জেনেৰেল ভিকে সিং, জি পি সিং, তেজস্বী সূৰ্য্য আদি। তদুপৰি, কালি ব্ৰহ্মপুত্ৰৰ বালিচৰত Y20ৰ প্ৰতিনিধিসকলৰ অৰ্থে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন কলা কৃষ্টিৰ অপূৰ্ব সমাহাৰেৰে আয়োজিত এই অনুষ্ঠানে যুৱ প্ৰতিনিধিসকলক আকৰ্ষিত কৰে। ইয়াৰোপৰি দেশৰ অন্যতম জনপ্ৰিয় কন্ঠশিল্পী তথা অসম সন্তান অংগৰাগ পাপন মহন্তৰ এই সংগীতানুষ্ঠানৰ অনুষ্ঠিত হয়।

উল্লেখ্য যে, ২০১২ ত আৰম্ভ হোৱা Y20 হৈছে G20 সন্মিলনৰ যুৱ সংস্কৰণ আৰু ই হৈছে যুৱক-যুৱতীসকল G20 ৰে জড়িত হ’বলৈ একমাত্ৰ আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত মঞ্চ। ই যুৱ নেতাসকলৰ বাবে অন্যতম প্ৰভাৱশালী আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক মঞ্চ। ইয়াৰোপৰি, ই G20 ৰ অধীনস্থ আঠটা অফিচিয়েল এংগেজমেন্ট গ্ৰুপৰ অন্যতম।আগষ্টত অনুষ্ঠিতব্য চূড়ান্ত Y20 সন্মিলনৰ পূৰ্বলৈকে সমগ্ৰ দেশতে অনুষ্ঠিত হ’বলগীয়া ১৭ খন বৈঠকৰ এয়াই হৈছে প্ৰথমখনি বৈঠক।

শেহতীয়া বাতৰি