এটা বিশেষ দিনত ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ নিযুক্তি পৰীক্ষা পতাক লৈ সৃষ্টি তীব্ৰ প্ৰতিক্ৰিয়াৰ। ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ জ্যেষ্ঠ প্ৰশাসনিক সহায়ক, প্ৰকল্প বিষয়া আৰু ডাটা এনট্ৰী অ'পাৰেটৰৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ১০ জুলাইত।
কিন্তু এই ১০ জুলাইৰ দিনটোতে আছে ঈদ-উজ-জোহা। ইছলাম ধৰ্মাৱলম্বীৰ পৱিত্ৰ উৎসৱ ঈদ-উজ-জোহাৰ দিনটোতে নিযুক্তি পৰীক্ষা পতাত অসুবিধাত পৰিছে ইছলাম ধৰ্মী প্ৰাৰ্থীসকল।
এনে পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কেইবাটাও সংগঠনে ৰাষ্ট্ৰীয় বন্ধৰ দিনটোতে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ লিখিত পৰীক্ষা পতাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|