কটা হাত, ৰঙা ছাপ, নাম যাৰ দস্যু ভাস্কৰ, মনত আছেনে আপোনাৰ, জানেনে নতুন প্ৰজন্মই?

News18 Assam | News18-Assam
Updated:July 22, 2021, 6:46 PM IST
কটা হাত, ৰঙা ছাপ, নাম যাৰ দস্যু ভাস্কৰ, মনত আছেনে আপোনাৰ, জানেনে নতুন প্ৰজন্মই?
Rangman, Rabin Chandra Dey

ৰংমনৰ নামত লিখিছিল দস্যু ভাস্কৰৰ ৬১টা খণ্ড ৷ লিখি উলিয়াইছিল ডাকু, পৱন কোঁৱৰ আৰু পৰ্বতৰ ৰেঙনি নামৰ তিনিখন শিশু উপন্যাসো ৷

  • Share this:
কটা হাতৰ ৰঙা ছাপ ৷ ভয়ংকৰ এই প্ৰতীক!  তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল অসমত ৷ সেয়া সত্তৰ-আশীৰ দশকৰ সময় ৷ শোষণকাৰীসকলৰ টোপনি হৰণ কৰিছিল সেই বিখ্যাত ৰঙা ছাপটোৱে ৷ শোষণ বঞ্চনাৰ মুক্তি বিচাৰি দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰামৰ বাবে ওলাই আহিছিল কমল বৰা নামৰ এজন যুৱক ৷ কঠোৰ তপস্যাৰে সমাজ নিৰ্মাণৰ সংকল্প লোৱা কমল বৰা পৰিচিত হৈ পৰিল দস্যু ভাস্কৰ (Dashyu Bhaskar) হিচাপে ৷

বিখ্যাত অসমীয়া ডিটেক্টিভ (Detective) ছিৰিজ 'দস্যু ভাস্কৰ'ক হয়তো নতুনকৈ চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নাই। ছিৰিজটোৰ স্ৰষ্টাজন আজি বহুতৰে বাবে মাথোঁ ধূসৰ স্মৃতি ৷ নাজিৰা নগৰৰ মাজ মজিয়াৰ ৯ নং ৱাৰ্ডত জন্মলাভ কৰিছিল ৰংমনে (Rangman)৷ নাজিৰা নগৰতে হাইস্কুলীয়া শিক্ষা লৈ বিভিন্ন ধৰণৰ সামাজিক কামত জড়িত আছিল ৰংমন ৷ সৰুৰে পৰা অসমীয়া সাহিত্য, নাটক, অভিনয় আদিৰ লগত জড়িত আছিল ৰংমন৷

১৯২২ চনৰ ১৮ মাৰ্চত নাজিৰাত জন্মগ্ৰহণ  আৰু ১৯৮০ চনৰ ২২ জুলাইত কলকাতাত দেহাৱসান ঘটা ৰংমন আজি এক নষ্টালজিক চৰিত্ৰ ৷

লি ফক, ফেণ্টমৰ দৰে অভাৰকোট আৰু টুপী পৰিধান কৰা দস্যু ভাস্কৰৰ স্ৰষ্টা আছিল নাজিৰাৰ ৰবীন চন্দ্ৰ দে (Rabin Chandra Dey) ৷ কিন্তুু ১৯৬০ চনত অসম ত্যাগ কৰি নাজিৰাৰ বাস গৃহ এৰি কলকাতালৈ যোৱা ৰবীন চন্দ্ৰ দে পৰিচিত হৈ পৰিল ৰংমন নামেৰে ৷

ধাৰাবাহিকভাবে ৰংমনৰ নামত লিখি উলিয়ালে দস্যু ভাস্কৰৰ ৬১টা খণ্ড ৷ ৰংমনে লিখি উলিয়াইছিল ডাকু, পৱন কোঁৱৰ আৰু পৰ্বতৰ ৰেঙনি নামৰ তিনিখন শিশু উপন্যাসো৷

আজি তেখেতৰ ৪১ তম মৃত্যু বাৰ্ষিকি৷  পাহৰণিৰ গৰ্ভত হেৰাই যোৱা ৰংমনক আজিও স্মৃতি হিচাপে জীয়াই ৰখাৰ প্ৰয়াস কৰিছে নাজিৰাৰ পৰিয়ালটোৱে ৷  নাজিৰা (Nazira) নগৰৰ মাজ মজিয়াৰ ৯ নং ৱাৰ্ডত আজিও সযতনে ৰাখি থৈছে সেই তাহানিৰ ঘৰটো৷ এই ঘৰটোতে জন্ম হৈছিল ৭০ দশকৰ জনপ্ৰিয় দস্যু ভাস্কৰ ছিৰিজৰ স্ৰষ্টা ৰংমন অৰ্থাৎ ৰবীন চন্দ্ৰ দেৰ৷ শেহতীয়াকৈ নাজিৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ড° ৰাজেন্দ্ৰ মোহন দেৱশৰ্মাৰ অক্লান্ত প্ৰচেষ্টাত নাজিৰা মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰালত ডিজিটেলি ৰংমনৰ সৃষ্টি ৰাজিক সংৰক্ষণ কৰিছে৷

অসমতে জন্ম গ্ৰহণ কৰি, অসমীয়া সাহিত্যৰ চৰ্চা কৰি এদিন ঠেঁহ পাতি কলকাতালৈ গৈছিল যদিও কাহানিও অসমখন  নেপাহৰা ৰংমন ওৰফে ৰবীন চন্দ্ৰ দে আজিও এচাম পাঠকৰ বাবে আপোন এক চৰিত্ৰ ৷ আজি তেখেতৰ মৃত্যু বাৰ্ষিকত নিউজ ১৮ অসম নৰ্থইষ্টৰ ফালৰ পৰাও শ্ৰাদ্ধৰেে সুৱৰিছোঁ মহান ব্যক্তিজনক৷
Published by: Manjumoni Borah
First published: July 22, 2021, 6:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি