• Home
  • »
  • News
  • »
  • assam
  • »
  • এখন আৰক্ষী চকীৰ দুৰৱস্থা, চৰকাৰী আৱাসৰ অভাৱত দোকান ঘৰত থাকিবলগীয়া হৈছে গৃহৰক্ষী বাহিনীৰ জোৱানে

এখন আৰক্ষী চকীৰ দুৰৱস্থা, চৰকাৰী আৱাসৰ অভাৱত দোকান ঘৰত থাকিবলগীয়া হৈছে গৃহৰক্ষী বাহিনীৰ জোৱানে

অতি সীমিত দৰমহা লাভ কৰাৰ হেতু কম ভাড়াত পোৱা এটা সৰু কোঠাত থাকিবলৈ বাধ্য  হৈছে এই তিনিগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানে৷

অতি সীমিত দৰমহা লাভ কৰাৰ হেতু কম ভাড়াত পোৱা এটা সৰু কোঠাত থাকিবলৈ বাধ্য  হৈছে এই তিনিগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানে৷

অতি সীমিত দৰমহা লাভ কৰাৰ হেতু কম ভাড়াত পোৱা এটা সৰু কোঠাত থাকিবলৈ বাধ্য  হৈছে এই তিনিগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানে৷

  • Share this:
ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আৰক্ষী বিভাগক আধুনিকীকৰণ কৰাৰ লগতে আৰক্ষী থানা আৰু চকীসমূহ উন্নত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ সময়তে এখন আৰক্ষী চকীৰ এক দুখজনক অৱস্থা উন্মোচিত হৈছে৷ দিনে নিশাই ৰাইজৰ সেৱাত নিয়োজিত আৰক্ষীয়ে নিশা কটাবলৈ ঠাইৰ অভাৱ।

শোণিতপুৰ জিলাৰ বৰছলাৰ সমষ্টিৰ শিঙৰী আৰক্ষী চকীৰ পুতৌজনক অৱস্থা ৷ ১৯৭১ চনতে স্থাপিত শিঙৰী আৰক্ষী চকীত নিয়োজিত তিনিগৰাকী  গৃহৰক্ষী বাহিনীৰ জোৱানে এটা দোকান ঘৰ ভাড়াত লৈ থাকিবলগীয়া হৈছে৷ আৰক্ষী চকীত বৰ্তমানে নিয়োজিত হৈ থকা তিনিগৰাকী গৃহৰক্ষী জোৱানে আৰক্ষী চকীৰ চৌহদত চৰকাৰী আবাস নাপাই কাষৰে এটা দোকান ঘৰৰ খিৰিকী বিহীন কোঠা ভাড়ালৈ লৈ বসবাস কৰি আহিছে৷

অতি সীমিত দৰমহা লাভ কৰাৰ হেতু কম ভাড়াত পোৱা এটা সৰু কোঠাত থাকিবলৈ বাধ্য  হৈছে এই তিনিগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানে৷ শিঙৰী আৰক্ষী চকীত কৰ্মৰত জোৱানে প্ৰকাশ কৰা মতে, এই খিৰিকীবিহীন দোকান ঘৰৰ সৰু কোঠাটোত ১৫-১৬ বছৰ ধৰি শিঙৰী আৰক্ষী চকীৰ এজনৰ পিছত আনজন গৃহৰক্ষী জোৱানে থাকি কষ্টকৰ জীৱন অতিবাহিত কৰি আহিছে৷ এই সৰু কোঠালিটোতেই ৰান্ধি বাঢ়ি খাই দুৰ্ভগীয়া গৃহৰক্ষী জোৱানে নৈশ যাপন কৰে৷

ইপিনে শিঙৰী আৰক্ষী চকীৰ চৌহদৰ ভিতৰত চৰকাৰী আৱাসত থকা আৰক্ষীৰ জোৱান সকলেও এক অস্বাস্থ্যকৰ পৰিৱেশত থাকিব লগীয়া হৈছে৷ উল্লেখ্য যে শিঙৰী আৰক্ষী চকীত আৰক্ষীৰ যিখন বেৰেক আছে সেয়া পাৰ্যাপ্ত নহয়৷ ইয়াত কৰ্তব্যৰত সকলো আৰক্ষী  আৰু গৃহৰক্ষী বাহিনীৰ জোৱান উক্ত বেৰেকখনত থকাৰ অসুবিধা হয়৷ সেইবাবেই আৰক্ষী চকীৰ সন্মুখতে থকা এখন দোকান ঘৰ ভাড়া লৈ দুখন বিচনা পাৰি ইয়াত নিয়োজিত গৃহৰক্ষী জোৱানেঅতি কষ্টৰে থাকিবলগীয়া হৈছে৷

ইপিনে একেটা কোঠাতে ৰান্ধিছে আৰু দুখন বিচনা পাৰি ইয়াত  নিশা কটাই কৰ্তব্য পালন কৰে গৃহৰক্ষী বাহিনীৰ জোৱানে৷ এনেদৰেই এক কষ্টদায়ক জীৱন অতিবাহিত কৰিছে শিঙৰী আৰক্ষী চকীৰ গ্‌হৰক্ষী আৰু অসম আৰক্ষীৰ জোৱানসকলে। আইন-শৃংখলা ৰক্ষাকে ধৰি সৰ্বসাধাৰণৰ সুৰক্ষাৰ দায়িত্বত অহৰহ ব্যস্ত থকা আৰক্ষী আৰু গৃহৰক্ষী জোৱানসকলৰ এই সমস্যা সমাধানৰ বাবে অসম চৰকাৰে শীঘ্ৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে।
Published by:Sanjay Kumar Das
First published: