মুখ্যপৃষ্ঠা »খবৰ »অসম »World Water Day: স্বাধীনতাৰ ৭৫টা বছৰৰ পিছতো এটুপি খোৱাপানীৰ বাবে হাহাকাৰ এইখন অসমৰে এখন গাঁৱৰ

World Water Day: স্বাধীনতাৰ ৭৫টা বছৰৰ পিছতো এটুপি খোৱাপানীৰ বাবে হাহাকাৰ এইখন অসমৰে এখন গাঁৱৰ

বছৰে বছৰে প্ৰতিশ্ৰুতি দি আহিছে ৰজাঘৰে, কিন্তু আজিকোপতি নহ'ল ৰূপায়ণ

বছৰে বছৰে প্ৰতিশ্ৰুতি দি আহিছে ৰজাঘৰে, কিন্তু আজিকোপতি নহ'ল ৰূপায়ণ

বছৰে বছৰে প্ৰতিশ্ৰুতি দি আহিছে ৰজাঘৰে, কিন্তু আজিকোপতি নহ'ল ৰূপায়ণ

  • Share this:
আজি বিশ্ব জল দিৱস। জল দিৱসৰ দিনটোত (World Water Day)  এইখন অসমৰে এখন গাঁৱৰ লোকে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে। স্বাধীনতাৰ ৭৫টা বছৰৰ পিছতো এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিছে এইখন অসমৰে এখন গাঁৱৰ ৰাইজে। গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ শাওতলী তলচাপৰি গাঁওখনৰ ৪০টা পৰিয়ালৰ বিপৰীতে আছে মাত্ৰ দুটা দমকল।

ঘৰতে নিৰ্মিত ফিল্টাৰত দুবাৰকৈ শোধন কৰা পিছতো সম্পূৰ্ণ পৰিষ্কাৰ নহয় খোৱাপানী । প্ৰতিদিনে ঘন্টা ঘন্টা ধৰি শাৰী পাতি পানী সংগ্ৰহ কৰে ৰাইজে । প্ৰায়ভাগেই ব্যৱহাৰ কৰে কাষতে থকা ধনশিৰি নদীৰ পানীও। কেতিয়াবা দমকল দুটা বিকল হ'লে সেৱন কৰিবলগা হয় নদীৰ পানী । লেতেৰা পানী সেৱন-ব্যৱহাৰৰ ফলত শিশুসকলৰ হয় বহুতো বেমাৰ-আজাৰ ।

খুমটাই সমষ্টিৰ ( Khumtai constituency) শাওতলী গাঁও পঞ্চায়তৰ অন্তৰ্গত শাওতলী তলচাপৰি গাঁও। এই গাঁওখনত এটুপি বিশুদ্ধ খোৱাপানীক লৈ ৰাইজৰ হাহাকাৰ (water crisis)। বিশ্বত আধুনিকতাৰ প্ৰতিযোগিতাময় বাতাৱৰণ চলি থকাৰ সময়ত এইখন গাঁৱত এতিয়াও ৰাইজে হাবাথুৰি খাইছে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে। পানী প্ৰকল্প স্থাপন কৰি বিশুদ্ধ খোৱাপানীৰ যোগান দিব বুলি বছৰে বছৰে প্ৰতিশ্ৰুতি দি আহিছে ৰজাঘৰে। কিন্তু আজিকোপতি নহ'ল ৰূপায়ণ। আজি বিশ্ব জল দিৱসৰ দিনটোত এটুপি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰলৈ জনাইছে কাতৰ আহ্বান ।

শেহতীয়া বাতৰি