আজি ‘বিশ্ব গঁড় দিৱস’। গঁড়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ সজাগতা উদ্দেশ্যে ২২ ছেপ্টেম্বৰৰ দিনটোত বিশ্ববাসীয়ে পালন কৰি আহিছে বিশ্ব গঁড় দিৱস। সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ‘বিশ্ব গঁড় দিৱস’ৰ লগত সংগতি ৰাখি এই দিনটোত আয়োজন কৰে বিভিন্ন কাৰ্যসূচী। এইবাৰো উদ্যান কৰ্তৃপক্ষই আয়োজন কৰিছে দিনজোৰা কাৰ্যসূচীৰ।
উদ্যান কৰ্তৃপক্ষই সজাগতাৰ উদ্দেশ্যে আজি পুৱা কঁহৰাৰ পৰা কমাৰগাঁও লৈকে চাইকেল ৰেলি আয়োজন কৰিছে । এই ৰেলিত অংশগ্ৰহণ কৰে বোকাখাত মহকুমাৰ ৩০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে। ইয়াৰোপৰি, উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত কঁহৰা, বোকাখাত, নুমলীগড় আৰু কমাৰগাঁৱত অনুষ্ঠিত হ’ব সজাগতা মূলক এটি বাটৰ নাট।
উল্লেখ যে, বিশ্বৰ বিলুপ্তপায়ী প্ৰাণী হিচাপে চিহ্নিত হোৱা গঁড়ৰ সংৰক্ষণৰ উদ্দেশ্য আগত ৰাখি ২০১১ চনৰ পৰা বিশ্ব বাসীয়ে আজিৰ দিনটোত পালন কৰি আহিছে বিশ্ব গঁড় দিৱস। এইবাৰৰ বিশ্ব গঁড় দিৱসৰ থিম হৈছে "Five Rhino Species Forever" । বিশ্বত পোৱা পাঁচ প্ৰকাৰৰ গঁড় সংৰক্ষণ সংকল্প আগত ৰাখি এইবাৰ ‘বিশ্ব গঁড় দিৱস’ পালন কৰা হয়। বিভিন্ন কাৰণত বিশ্বত গঁড়ৰ সংখ্যা বিলুপ্তিৰ দিশে গতি কৰাত ২০১০ বৰ্ষত দক্ষিণ আফ্ৰিকাত ২২ ছেপ্তেম্বৰ দিনটোক গঁড় দিৱস হিচাপে ঘোষণা কৰা হৈছিল। তাৰ পাছৰে পৰা বিশ্বই পালন কৰি আহিছে গঁড় দিৱস।
আনহাতে, গঁড়ৰ খড়্গ যে মূল্যহীন সেই কথা প্ৰমাণ কৰি অসম চৰকাৰে বিগত বৰ্ষৰ গঁড় দিৱসৰ দিনটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যানসমূহত স্বাভাৱিকভাৱে মৃত্যু হোৱা আৰু চোৰাং চিকাৰীয়ে হত্যা কৰাৰ পিছত উদ্ধাৰ কৰি বিভিন্ন কোষাগাৰত জমা ৰাখে। জমা ৰখা মুঠ ২৪৭৯ টা গঁড়ৰ খড়্গ বোকাখাত ৰাজহুৱা খেলপথাৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত দাহ কৰিছিল। সেই খড়্গ দাহৰ চাইৰে কাজিৰঙাত নিৰ্মান কৰে তিনিটা গঁড়ৰ প্ৰতিমূৰ্তি। ইফালে, শেহতীয়াকৈ ২০২২ বৰ্ষত কাজিৰঙাত হোৱা গঁড়ৰ গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৬১৩ গঁড়ৰ উপস্থিতি পোৱা গৈছিল।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|