আজি বিশ্ব গঁড় দিৱস। ২০১০ বৰ্ষৰ পৰা গঁড় সুৰক্ষা উদ্দেশ্য আগত ৰাখি বিশ্বই পালন কৰি আহিছে গঁড় দিৱস। ২০১০ বৰ্ষত WWF নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে প্ৰথমবাৰৰ বাবে পালন কৰিছিল বিশ্ব গঁড় দিৱস। বিশ্ব গঁড় দিৱসৰ লগত সংগতি ৰাখি আজি বোকাখাতত ৰাজহুৱাকৈ দাহ কৰা হ'ব গঁড়ৰ খড়্গ।
কোটি কোটি টকাত বিক্ৰী হোৱা অথবা আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত বহু বেছি চাহিদা থকা গঁড়ৰ খড়্গ যে প্ৰকৃততে একোচা চুলিৰ সমষ্টি সেই বিষয়টো সম্বন্ধে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে দাহ কৰা হ’ব খড়্গসমূহ৷ ৰাজ্যৰ বিভিন্ন কোষাগাৰত জমা হৈ থকা ৰাজ্যৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানৰ ২৪৭৯টা গঁড়ৰ খড়্গ দাহ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ আজি বিশ্ব গঁড় দিৱসৰ দিনাই ৰাজহুৱাকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দাহ কৰা হব গঁড়ৰ খড়্গসমূহ৷