তেজপুৰ, ১৯ আগষ্টঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত আজি বৰ্ণিল কাৰ্যসূচীৰে বিশ্ব আলোকচিত্ৰ দিৱস পালন কৰা হয়। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোকচিত্ৰ প্ৰতিযোগিতাৰ লগতে এখন আলোকচিত্ৰ কৰ্মশালাৰো আয়োজন কৰা হয়। তদুপৰি, অসমৰ স্বনামধন্য আলোকচিত্ৰ শিল্পী নলিনী কান্ত বৰুৱাক এই অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে তেজপুৰ বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য আৰু পঞ্জীয়ক ডঃ বিৰেণ দাসৰ লগতে বিভাগটোৰ সকলো অধ্যাপক উপস্থিত থাকে।
অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে বিভাগৰ অধ্যাপক অভিজিত বৰাই, আৰু উদ্বোধনী ভাষণ আগবঢ়ায় বিভাগীয় মুৰব্বী অধ্যাপক জয়া চক্ৰৱৰ্তীয়ে। প্ৰতিষ্ঠিত ফটোগ্ৰাফাৰ লগতে Little Hands Production ৰ স্বত্বাধিকাৰ তথা বিভাগৰ প্ৰাক্তন ছাত্ৰ দীপাংকৰ ভাগৱতী ওৰফে ষ্টিফেন ষ্টাইৰিস্ ক সম্বৰ্দ্ধনা জনোৱাৰ পাছতে কৰ্মশালাখন আৰম্ভ হয়। আলোকচিত্ৰ কৰ্মশালাখনিত তেজপুৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীকে আদি কৰি শতাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ মাধ্যমেৰে ষ্টীফেন ষ্টাইৰিস্ এ ফটোগ্ৰাফীৰ বিভিন্ন কৌশলবোৰৰ আভাস দিবলৈ যত্ন কৰে।
আলোকচিত্ৰ শিল্পী নলিনী কান্ত বৰুৱাই বিভাগত আয়োজন কৰা আলোকচিত্ৰ প্ৰদৰ্শনীখন মুকলি কৰে। প্ৰদৰ্শনীত শতাধিক আলোকচিত্ৰৰ লগতে কেমেৰা তথা ফটোগ্ৰাফীৰ বৰ্ণিল যাত্ৰাক প্ৰতিনিধিত্ব কৰা "আলোকচিত্ৰকৰ" নামক প্ৰাচীৰ পত্ৰিকা এখন উন্মোচন কৰা হয়।
শিল্পী বৰুৱাৰ সম্বৰ্ধনা অনুষ্ঠানত অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই নিজৰ মনোভাৱ ব্যক্ত কৰি কয় যে "বৰুৱা দেৱৰ সান্নিধ্য পাই আমি সঁচাই ধন্য " লগতে তেওঁ শিল্পী নলিনী কান্ত বৰুৱাৰ সৈতে পূৰ্বে কটোৱা স্মৃতি ৰোমন্থন কৰে। অনুষ্ঠানত শিল্পী নলিনী কান্ত বৰুৱাই চমু বক্তব্য আগবঢ়াই কয় " মোৰ জীৱনৰ শ্ৰেষ্ঠ ফটোখন এতিয়াও তোলা হোৱা নাই। সেইখন তোলাৰ আগতে মই নমৰো।"
উল্লেখযোগ্য যে, শিল্পী নলিনী কান্ত বৰুৱাই দেশ বিদেশত সুখ্যাতি অৰ্জন কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে। তেওঁ ১৯৫৫ চনত India Inter-nation Photographic Council ৰ বঁটা লাভ কৰাৰ লগতে ১৯৮১ চনত ইটালীত অনুষ্ঠিত International Colour Slide Exhibition ত Club Award অৰ্জন কৰিবলৈ সক্ষম হৈছিল।
অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই মুৰব্বী অধ্যাপক জয়া চক্ৰৱৰ্তীয়ে কয়, "বৰুৱাদেৱৰ কৰ্মোদ্যমে আমাক উৎসাহ প্ৰদান কৰে, আপোনাৰ আশীৰ্বাদৰ হাতখন আমাৰ ছাত্ৰ-ছাত্ৰীৰ লগত যাতে সদায় থাকে যেন"। উল্লেখযোগ্য যে, কৰ্মশালাৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলক বিশ্ববিদ্যালয় চৌহদতে ফটোগ্ৰাফীৰ ব্যৱহাৰিক জ্ঞান দিবলৈ আলোকচিত্ৰ পৰিদৰ্শনতো লৈ যোৱা হয়।
Published by: Subham Goswami
FIRST PUBLISHED : August 19, 2022, 21:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।