বিশ্ব মীন দিৱসত দেশৰ ভিতৰতে উজলিল অসম, আজুৰি আনিলে ৪টাকৈ পুৰস্কাৰ

News18 Assam | News18-Assam
Updated:November 21, 2020, 10:41 PM IST
বিশ্ব মীন দিৱসত দেশৰ ভিতৰতে উজলিল অসম, আজুৰি আনিলে ৪টাকৈ পুৰস্কাৰ
মৎস্যখণ্ডত দেখুওৱা উল্লেখনীয় সফলতাৰ স্বীকৃতি হিচাপে নতুন দিল্লীত অনুষ্ঠিত বিশ্ব মীন দিৱসত অসমে চাৰিটাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

মৎস্যখণ্ডত দেখুওৱা উল্লেখনীয় সফলতাৰ স্বীকৃতি হিচাপে নতুন দিল্লীত অনুষ্ঠিত বিশ্ব মীন দিৱসত অসমে চাৰিটাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

  • News18 Assam
  • Last Updated: November 21, 2020, 10:41 PM IST
  • Share this:
মৎস্যখণ্ডত দেখুওৱা উল্লেখনীয় সফলতাৰ স্বীকৃতি হিচাপে নতুন দিল্লীত অনুষ্ঠিত বিশ্ব মীন দিৱসত অসমে চাৰিটাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। মৎস্য পালনত অসমে শ্ৰেষ্ঠ ৰাজ্যৰ সন্মান লাভ কৰাৰ লগতে শ্ৰেষ্ঠ জিলা, শ্ৰেষ্ঠ অৰ্ধ-চৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ মৎস্যপালক শিতানতো পুৰস্কৃত হৈছে অসম।

মীন, দুগ্ধ আৰু পশুপালন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপ চন্দ্ৰ সাৰাংগীয়ে আনুষ্ঠানিকভাৱে এই পুৰস্কাৰসমূহ প্ৰদান কৰে। শ্ৰেষ্ঠ ৰাজ্য হিচাপে অসম চৰকাৰৰ হৈ পুৰস্কাৰ গ্ৰহণ কৰে মীন বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰে। আনহাতে শ্ৰেষ্ঠ জিলাৰ পুৰস্কাৰ গ্ৰহণ কৰে নগাঁও জিলাৰ মীন উন্নয়ন বিষয়া ডঃ ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মনে। শ্ৰেষ্ঠ মৎস্যপালক পুৰস্কাৰ লাভ কৰে নলবাৰী জিলাৰ সন্ধ্যৰ মৎস্যপালক অমল মেধিয়ে। শ্ৰেষ্ঠ অৰ্ধ-চৰকাৰী সংস্থাৰ পুৰস্কাৰ গ্ৰহণ কৰে আছাম এপেক্স কো-অপাৰেটিভ ফিছ মাৰ্কেটিং এণ্ড প্ৰচেছিং ফেডাৰেশ্যন লিমিটেডৰ পৰিচালন সঞ্চালকে।

শ্ৰেষ্ঠ ৰাজ্যৰ পুৰস্কাৰত আছিল নগদ ১০ লাখ টকা, প্ৰমাণপত্ৰ আৰু স্মাৰক। একেদৰে শ্ৰেষ্ঠ জিলা আৰু শ্ৰেষ্ঠ অৰ্ধ চৰকাৰী সংস্থাৰ পুৰস্কাৰৰ ধনৰাশি আছিল ক্ৰমে নগদ ৩ লাখ টকা আৰু ৫ লাখ টকা। পাহাৰীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য শিতানত শ্ৰেষ্ঠ মৎস্যপালকৰ সন্মান লাভ কৰা অমল মেধিয়ে লাভ কৰে নগদ ১ লাখ টকা।

বিশ্ব মীন দিৱসত এনেদৰে চাৰিটাকৈ শিঁতানত সন্মান আজুৰি আনিবলৈ সমৰ্থ হোৱাত মীন বিভাগৰ সমূহ বিষয়া-কৰ্মচাৰী আৰু প্ৰতিজন মৎস্যপালকলৈ ধন্যবাদ জনাইছে ৰাজ্যৰ মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। সকলোৰে সমূহীয়া প্ৰচেষ্টাৰ বাবে এয়া সম্ভৱ হৈছে বুলি উল্লেখ কৰি এই সাফল্যৰ আনন্দত বিভাগীয়ভাৱে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব বুলিও সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।
Published by: Himangshu Bhuyan
First published: November 21, 2020, 10:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading