• Home
  • »
  • News
  • »
  • assam
  • »
  • World Environment Day: প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰচেষ্টাত আজি ৰঙীণ কাজিৰঙাৰ ৰাজপথ

World Environment Day: প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰচেষ্টাত আজি ৰঙীণ কাজিৰঙাৰ ৰাজপথ

আজি বিশ্ব পৰিবেশ দিৱস। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰচেষ্টাত আজি ৰঙীন কাজিৰঙাৰ ৰাজপথ।

আজি বিশ্ব পৰিবেশ দিৱস। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰচেষ্টাত আজি ৰঙীন কাজিৰঙাৰ ৰাজপথ।

আজি বিশ্ব পৰিবেশ দিৱস। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰচেষ্টাত আজি ৰঙীন কাজিৰঙাৰ ৰাজপথ।

  • Share this:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওফালে এতিয়া এজাৰ, সোণাৰু, কৃষ্ণচূড়াৰ প্ৰাণ চঞ্চলা হাঁহি! চালে চকুৰোৱা এক দৃশ্য। প্ৰকৃতিৰ ৰঙত ৰঙীণ হৈ পৰিছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। সোণাৰুৰ হালধীয়া ৰঙে জীপাল কৰি তুলিছে কাজিৰঙাৰ আকাশ। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ সৌন্দৰ্যবৰ্ধনৰ আঁৰত আছে কোন? কাৰ নিৰ্দেশত ৰোৱা হৈছিল  এই এজাৰ, সোণাৰু, কৃষ্ণচূড়া, ৰাধাচূড়া?

প্ৰকৃততে ২০১৭ চনত 'মুখ্যমন্ত্ৰী সেউজ বনানিকৰণ' আঁচনিৰ অধীনত কলিয়াবৰ মহকুমাৰ  জখলাবন্ধাৰ পৰা বোকাখাত মহকুমাৰ নুমলীগড়লৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে যোৱা ৰাষ্ট্ৰীয় ঘাই পথত  ১০,০০০ জোপা বৃক্ষ ৰূপণৰ কাৰ্যসূচী লৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বিভিন্ন দল সংগঠন, প্ৰকৃতি প্ৰেমীৰ সহযোগত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বান আছিল সৌন্দৰ্য্যবৰ্ধনৰ বাবে কাজিৰঙাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাত লোৱা হওক এক বৃহৎ বৃক্ষৰূপণৰ কাৰ্যসূচী। ২০১৭ চনৰ ৫ জুন বিশ্ব পৰিবেশ দিৱসৰ দিনাই  প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে গছপুলি ৰুই শুভাৰম্ভ কৰিছিল বৃক্ষৰোপণৰ কাৰ্যসূচী। যাৰ ফলত আজি ৰঙীণ হৈ পৰিছে কাজিৰঙাৰ ৰাজপথ।

উল্লেখযোগ্য যে, জখলাবন্ধাৰ পৰা নুমলীগড় সংযোগী এই পথছোৱাত বৰ্তমানেও পৰিচৰ্যাৰ অভাৱত কলিতে মৰহিল বহু গছ। তথাপিও সেইসময়ত ৰোপণ কৰা  প্ৰায় ৮০ শতাংশ গছে প্ৰাণ পাই উঠিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ এই বৃহৎ কাৰ্যক শলাগ লৈছে প্ৰকৃতিপ্ৰেমীসকলে। আনহাতে,  প্ৰকৃতি প্ৰেমী সকলৰ আহ্বান,  বিশ্ব পৰিবেশ দিৱসৰ দিনা কেৱল ফটো উঠিবলৈহে গছপুলি ৰোপণ কৰাৰ পৰিবৰ্তে সঁচা অৰ্থত প্ৰতিপালনৰ জৰিয়তে এই বৃক্ষৰূপণ কাৰ্যসূচী লোৱা হওক। প্ৰতিপালন অবিহনে সামাজিক মাধ্যমত কিছুমুহূৰ্তৰ বাবে ৰোৱা বৃক্ষৰোপণ কাৰ্যসূচী পৰিহাৰ কৰক।
Published by:Himangshu Bhuyan
First published: