আৱৰ্জনাক আশীৰ্বাদলৈ ৰূপান্তৰ কৰা এজন মানুহ

এক নীৰৱ বিপ্লৱ ৷ ব্যতিক্ৰমী মানুহজন, ব্যতিক্ৰমী চিন্তা মানুহজনৰ ৷ আৱৰ্জনা যাৰ বাবে অভিশাপ নহয়, আৱৰ্জনাক আশীৰ্বাদলৈ ৰূপান্তৰ কৰিছে ড৹ অমৰজ্যোতি কাশ্যপে ৷

news18assam
Updated:June 5, 2019, 9:13 PM IST
আৱৰ্জনাক আশীৰ্বাদলৈ ৰূপান্তৰ কৰা এজন মানুহ
এক নীৰৱ বিপ্লৱ ৷ ব্যতিক্ৰমী মানুহজন, ব্যতিক্ৰমী চিন্তা মানুহজনৰ ৷ আৱৰ্জনা যাৰ বাবে অভিশাপ নহয়, আৱৰ্জনাক আশীৰ্বাদলৈ ৰূপান্তৰ কৰিছে ড৹ অমৰজ্যোতি কাশ্যপে ৷
news18assam
Updated: June 5, 2019, 9:13 PM IST
ৰাজু বৰুৱা : আৱৰ্জনা বহুতৰে বাবে অভিশাপ হ'লেও তেওঁৰ বাবে আকৌ আশীৰ্বাদ ৷ আৱৰ্জনাক অভিশাপৰ পৰা আশীৰ্বাদলৈ ৰূপান্তৰ কৰি জৈৱিক বিপ্লৱ আৰম্ভ কৰা লোকজন আন কোনো নহয়— ড৹ অমৰজ্যোতি কাশ্যপ ৷ এক নীৰৱ বিপ্লৱ ৷ ব্যতিক্ৰমী মানুহজন, ব্যতিক্ৰমী চিন্তা মানুহজনৰ ৷ আৱৰ্জনা যাৰ বাবে অভিশাপ নহয়, আৱৰ্জনাক আশীৰ্বাদলৈ ৰূপান্তৰ কৰিছে ড৹ অমৰজ্যোতি কাশ্যপে ৷



স্বচ্ছ ভাৰত অভিযানৰ এক নীৰৱ যোদ্ধা ড৹ কাশ্যপ ৷ চৰকাৰী কলেজৰ প্ৰবক্তাৰ চাকৰি বাদ দি এক নীৰৱ বিপ্লৱ গঢ়ি তুলিছে ড৹ কাশ্যপে ৷ ঘৰৰ জাৱৰৰ লগতে চুবুৰীয়াৰ জাৱৰ চিমেণ্টেৰে তৈয়াৰী বিশেষ পাত্ৰত ৰাখি, জাৱৰৰ পৰা ওলোৱা পানী ড৹ কাশ্যপে ব্যৱহাৰ কৰে কীটনাশক হিচাপে ৷ পাত্ৰত ৰৈ যোৱা পচি যোৱা জাৱৰৰে উৎপন্ন কৰে কেঁচু সাৰ ৷



হাতীগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা পথৰ নিৱাসী ড৹ কাশ্যপে ঘৰতে কৰে গ্ৰীণ টীৰ উৎপাদন ৷ অকল গ্ৰীন টীহে নে? ড৹ অমৰজ্যোতি কাশ্যপে নিজৰ চাঁদখনত কৰিছে বহু কেইবিধ খেতি ৷



যি সময়ত ৰসায়নিক সাৰ ব্যৱহাৰ কৰি উৎপাদন কৰা খাদ্য সামগ্ৰীয়ে মানৱ জীৱনলৈ ভয়ংকৰ দুৰ্যোগ কঢ়িয়াই আনিছে, সেই সময়তে ড৹ অমৰজ্যোতি কাশ্যপে নিজৰ কীটছেন গাৰ্ডেনৰ পৰা ছিঙি খাইছে সতেজ পাচলি ৷



অকল পাচলীয়েই নহয়, ড৹ কাশ্যপে চাদতে পালন কৰিছে মাছ ৷ মাছ পালনৰ ক্ষেত্ৰতো কম্প্ৰমাইজ কৰা নাই ড৹ কাশ্যপে ৷ কেঁচু সাৰ আৰু মাটি ব্যৱহাৰ কৰিছে পুখুৰীত ৷ প্ৰতিদিনে মাছক আহাৰ দি বাৰুকৈয়ে পুলকিত হয় অমৰজ্যোতি কাশ্যপ ৷



কংক্ৰীটৰ জংগলত য'ত উশাহ ল'ব নোৱাৰি তাৰ বিপৰীতে নিজৰ ঘৰখন গঢ়ি তুলিছে কাশ্যপে ৷ ইতিমধ্যে স্বচ্ছ ভাৰত অভিযানক লৈ ড৹ অমৰজ্যোতি কাশ্যপে লাভ কৰিছে ৰাষ্ট্ৰীয় স্বীকৃতি ৷ ২০১৭ত ৱাটাৰ এণ্ড ছেনিটেৰী ছেগমেণ্টত ভাৰত চৰকাৰৰ মিলেনিয়াম এলায়েন্স ইন'ভেশ্যন বঁটা, গৃহ আৰু নগৰ উন্নয়ণৰ EXCELLENCE AWARD, মহাত্মা গান্ধী আন্তৰ্জাতিক সন্মিলনত আৱিস্কাৰকৰ শীৰ্ষ ৫ৰ অন্যতম হিচাপে স্বীকৃতি লাভ কৰিছে ড৹ কাশ্যপে ৷



আৱৰ্জনাৰ পৰা জৈৱিক সাৰ প্ৰস্তুতৰ ড৹ কাশ্যপৰ আৱিস্কাৰে লাভ কৰিছে সমাদৰ ৷ বহুতেই আদৰ্শ হিচাপে লৈছে কাশ্যপৰ WASTE ASSIMILATORৰ মডেলক ৷



বিশ্ব পাৰিপাৰ্শ্বিক দিৱসত এইজন নিৰৱ যোদ্ধাই অৱশ্যেই ক'লে— অসম চৰকাৰেহে আমাৰ নিচিনা মানুহক চিনি নাপায় ৷ কিন্তু অসমৰ বাহিৰত আমাৰ কদৰ আছে ৷ ভাল লাগে আমি কৰা কামক যেতিয়া বাহিৰৰ মানুহে শলাগ লয় ৷ কৰি যাম কামবোৰ ৷



আৱৰ্জনাবোৰ যিদিনা সকলোৱে আশীৰ্বাদ বুলি ল'ব, সেইদিনাই নিজকে সফল বুলি ভাবিম ৷ মোৰ আৱিস্কাৰ তেনেই সহজ, সকলোৱে ঘৰে ঘৰে ব্যৱহাৰ কৰিব পাৰে ৷ এটাই ভাল লাগে নতুন প্ৰজন্ম এই ক্ষেত্ৰত আগ্ৰহী ৷
আৰু চাওক পৰৱৰ্তী বাতৰি