• Home
  • »
  • News
  • »
  • assam
  • »
  • Sivasagar: শিৱসাগৰৰ চহৰৰ সৌন্দৰ্যবৰ্ধনৰ লক্ষ্যৰে প্ৰতীকপট উদ্বোধন

Sivasagar: শিৱসাগৰৰ চহৰৰ সৌন্দৰ্যবৰ্ধনৰ লক্ষ্যৰে প্ৰতীকপট উদ্বোধন

প্ৰতীকপটটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত মেঘনিধি দাহালে।

প্ৰতীকপটটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত মেঘনিধি দাহালে।

প্ৰতীকপটটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত মেঘনিধি দাহালে।

  • Share this:
ঐতিহাসিক শিৱসাগৰৰ চহৰৰ সৌন্দৰ্যবৰ্ধনৰ প্ৰতি লক্ষ্য ৰাখি পলমকৈ হ'লেও  দেওবাৰে সন্ধিয়া প্ৰশাসনৰ উদ্যোগত এটা প্ৰতীকপট মুকলি কৰা হয়। শিৱসাগৰৰ আৱৰ্ত ভৱনৰ সন্মুখত তথা বৰপুখুৰীৰ পাৰত উদ্বোধন কৰা হয় এই প্ৰতীকপট ।

প্ৰতীকপটটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা উপায়ুক্ত মেঘনিধি দহালে। উদ্বোধন কৰি উপায়ুক্ত গৰাকীয়ে প্ৰতীকপটটোৱে সৌন্দৰ্য বৰ্ধন আৰু পৰ্যটকসকলক আকৰ্ষণ কৰিব বুলি উল্লেখ কৰে। লগতে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ কীৰ্তিচিহ্নসমূহ সঠিকভাৱে সংৰক্ষণ আৰু চহৰখন পৰিষ্কাৰ কৰি ৰখাত গুৰুত্ব আৰোপ কৰে (World Environment Day celebrated in Sivasagar) ।

ইপিনে আজি বিশ্ব পৰিৱেশ দিৱস হেতুকে অনুষ্ঠানত জিলা উপায়ুক্তেকে ধৰি বিভিন্নজনক গছপুলি বিতৰণ কৰে উদ্যোক্তাসকলে।

উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ ,  জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা,  পৌৰনেত্ৰী মৃণালী কোঁৱৰকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি