• Home
  • »
  • News
  • »
  • assam
  • »
  • World Environment Day: নাজিৰাত বিশ্ব পৰিৱেশ দিৱস পালন, বৰবৰুৱা পুখুৰীৰ পাৰত প্ৰতীকপট 'I LOVE NAZIRA' উন্মোচন 

World Environment Day: নাজিৰাত বিশ্ব পৰিৱেশ দিৱস পালন, বৰবৰুৱা পুখুৰীৰ পাৰত প্ৰতীকপট 'I LOVE NAZIRA' উন্মোচন 

মহকুমাটোৰ বিভিন্ন বিভাগৰ কাৰ্যালয়সমূহৰ চৌহদত পৰিৱেশ সুৰক্ষাৰ বাবে গছপুলি ৰোপণ কৰা হয়।

মহকুমাটোৰ বিভিন্ন বিভাগৰ কাৰ্যালয়সমূহৰ চৌহদত পৰিৱেশ সুৰক্ষাৰ বাবে গছপুলি ৰোপণ কৰা হয়।

মহকুমাটোৰ বিভিন্ন বিভাগৰ কাৰ্যালয়সমূহৰ চৌহদত পৰিৱেশ সুৰক্ষাৰ বাবে গছপুলি ৰোপণ কৰা হয়।

  • Share this:
ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে আজি শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাতো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মহকুমাটোৰ বিভিন্ন বিভাগৰ কাৰ্যালয়সমূহৰ চৌহদত পৰিৱেশ সুৰক্ষাৰ বাবে গছপুলি ৰোপণ কৰা হয়।

বিশ্ব পৰিৱেশ দিৱসৰ (World Environment Day) লগত সংগতি ৰাখি নাজিৰা মহকুমা প্ৰশাসন তথা নাজিৰা পৌৰসভাৰ যৌথ উদ্যোগত বৰবৰুৱা পুখুৰীপাৰত পৰিষ্কাৰ অভিযান চলোৱা হয়। নাজিৰা মহকুমাৰ বিষয়া-কৰ্মচাৰীসকল তথা বহুকেইগৰাকী সমাজকৰ্মীয়ে এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি একোটিকৈ গছপুলি ৰোপণ কৰে।

লগতে নাজিৰা মহাবিদ্যালয়ত মহকুমা ভিত্তিত 'ক' শাখা (প্ৰথমৰ পৰা তৃতীয় শ্ৰেণীলৈ) আৰু 'খ' শাখা (চতুৰ্থৰ পৰা ষষ্ঠ শ্ৰেণীলৈ)ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত "সেউজী ধৰণী ধুনীয়া" শীৰ্ষক বিষয়ত  চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচী শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে।

মহকুমাধিপতি কাৰ্য্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা মুকলি সভাত চিত্ৰাংকন প্ৰতিযোগিতাত বিজয়ী ছাত্ৰ-ছাত্ৰী সকলক এখন মানপত্ৰ, গ্ৰন্থ আৰু গছপুলিৰে পুৰস্কৃত কৰা হয়।

ইয়াৰ উপৰি আজি নাজিৰা মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত বৰবৰুৱা পুখুৰীৰ পাৰত প্ৰতীকপট (I LOVE NAZIRA) উন্মোচন কৰে পৌৰসভাৰ সভানেত্ৰী বৰ্ণালী চেতিয়াই।
আজিৰ এই অনুষ্ঠানত বিশিষ্ট ব্যক্তি ৰূপে উপস্থিত থাকে নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপ, নাজিৰা ৰাজহ চক্ৰ বিষয়া ভান লাল লিম্পুই নামপুই, নাজিৰা পৌৰসভাৰ পৌৰপতি বৰ্ণালী চেতিয়া, শিমলুগুৰি পৌৰসভাৰ পৌৰপতি কবিতা মেছ, বনবন্ধু নিৰণ গগৈ আৰু শিক্ষাবিদদ্বয় ৰাজেন শৰ্মা আৰু দেওকণ চাংমাই।
Published by:Gautam Barman
First published: