আজি বিশ্ব হস্তী দিৱস। আজিৰ এই বিশেষ দিনটোত কেৱল বন্যহস্তীৰ বাবে নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখলি-ৰংহাং গাঁৱত শুভাৰম্ভ কৰা হৈছে এক বিশেষ কৃষিকার্যৰ। ভৈয়ামৰ কৃষক ৰাইজে খেতি চপোৱাৰ সময়ত বন্যহস্তীৰ জাক খাদ্যৰ সন্ধানত যাতে পাহাৰৰ পৰা নামি নাহে তাৰ বাবে হাতীখলিত লোৱা হৈছে এই ব্যৱস্থা।
"হাতীবন্ধু" নামৰ এটি স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত তথা চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু পত্নী মেঘ্নাময়ূৰ হাজৰিকাৰ নেতৃত্বত বিগত দুটা বছৰ ধৰি হাতীখলি-ৰংহাং গাঁৱৰ পথাৰত কৰি অহা হৈছে কৃষিকাৰ্য। ইয়াৰ দ্বাৰা তেওঁলোক কৃতকাৰ্যও হৈছে।
উল্লেখযোগ্য যে কৃষিকাৰ্যৰ লগতে কাষৰে কাৰ্বি পাহাৰৰ এটি টকলা অংশৰ প্ৰায় ৪০০ বিঘা মাটিত বন্যহস্তীৰ বাবে দুলু-মেঘনাহঁতে কৰা নেফিয়াৰ, ঝাৰু, ঔটেঙা, কুম্ভীৰ আদিৰ খেতিতো এতিয়া মুক্ত মনেৰে বিচৰণ কৰে বন্যহস্তীৰ জাকে। অসমৰ বিভিন্ন অঞ্চলত দিনে-নিশাই বন্যহস্তীয়ে উপদ্ৰৱ চলাই থকাৰ বিপৰীতে হাতীখলি-ৰংহাংৰ কৃষিকৰ্মৰ জৰিয়তে বিগত দুটা বছৰে বৃহত্তৰ অঞ্চলটোত হস্তী-মানৱৰ সংঘাত ৰোধ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে।
তৃতীয়বাৰৰ বাবে আজিৰ এই বিশেষ দিনটোত পুনৰ গাঁওবাসীৰ সহযোগত শুভাৰম্ভ কৰা হৈছে বনৰীয়া হাতীৰ বাবে বৃহৎ কৃষিকাৰ্য। প্ৰথমেই ধূপ-দীপ-নৈবেদ্য আগবঢ়াই গণেশ বন্দনাৰে সেৱা জনাই বন্যহস্তীক খাদ্য যোগান ধৰিবৰ বাবে শুভাৰম্ভ কৰা কৃষিকাৰ্যত ১৯গৰাকীকৈ ৰোৱনীয়ে প্ৰায় ২০০ বিঘা মাটিত ধান ৰোপণৰ বাবে হাতত লৈছে এক মহান প্ৰচেষ্টা।
ইয়াকে লৈ এতিয়া সম্পূৰ্ণ আশাবাদী বিনোদ দুলু বৰা, আনন্দিত স্ব-ইচ্ছাৰেই ওলাই অহা গাঁওখনৰ ৰোৱনী মহিলাসকলৰ ভূমিকাক লৈ। বিগত দুটা বছৰৰ দৰে এই বছৰো নিশ্চয় সফল হ'ব হাতীখলি-ৰংহাংবাসী, সাৰ্থক হ'ব হাতীবন্ধু তথা দুলু বৰাহঁতৰ নিঃস্বাৰ্থ প্ৰচেষ্টা। বিশ্ব হস্তী দিৱসৰ দিনটোত নগাঁও-কাৰ্বি আংলং সীমান্তত কৰা দুলু-মেঘনাহঁতৰ প্ৰচেষ্টা নিশ্চিতভাৱে ইতিবাচক খবৰ হিচাপে পৰিগণিত হ'ব বন্যহস্তীৰ বাবে ভুক্তভোগী ৰাইজৰ মাজত, ৰাজ্যবাসীৰ মাজত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|