বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত কৰ্মস্থলীত সুৰক্ষিত আৰু স্বাস্থ্যকৰ হৈ কৰ্ম কৰিবৰ বাবে এখন সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। তদুপলক্ষে, বিমানকোঠৰ বিভিন্ন বিভাগত অহৰ্নিশে নিযুক্ত কৰ্মচাৰীৰে সভাখন অনুষ্ঠিত কৰা হয়।
সভাৰ মূল ব্যাখ্যা আছিল কৰ্মস্থলীত কিদৰে নিজ সুৰক্ষা আৰু স্বাস্থ্যৰ প্ৰতি সজাগ হৈ কাম কৰিব লাগে, তাৰ বিষয়ে বিশদভাৱে আলোচনা কৰাটো। উক্ত বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আমন্ত্ৰণ কৰি অনা হৈছিল চি আই এছ এফৰ মুখ্য লালমোহন ঠাকুৰক। তেওঁ মূল ব্যাখ্যা সুন্দৰ ৰূপত দাঙি ধৰে (World Day for Safety and Health Day celebrated )।