আজি বিশ্ব গ্ৰাহক অধিকাৰ দিৱস। এই উপলক্ষে কাছাৰ গ্ৰাহক সুৰক্ষা সমিতিৰ সভাপতি ড° সৌৰিন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন জিলা সত্ৰ ন্যায়াধীশ তথা কাছাৰ গ্ৰাহক আদালতৰ প্ৰাক্তন সভাপতি বিষ্ণু দেৱনাথ।
সভাত ভাষণ দি কাছাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত মনছুৰ মজুমদাৰে গ্ৰাহক সুৰক্ষা সমিতিৰ কাম-কাজৰ প্ৰশংসা কৰি গ্ৰাহক সজাগতাই সকলো ক্ষেত্ৰতে গ্ৰাহকক সুৰক্ষা দিব পাৰে বুলি কয়।
সভাৰ বিশেষ অতিথি শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ অৰুণ কুমাৰ ভট্টাচাৰ্যই কয় যে গ্ৰাহকে ইচ্ছা কৰিলে বহু সমস্যা সমাধান কৰিব পাৰে। তেওঁ কয়- "অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সাহস কৰক। আমি মনত ৰাখিব লাগিব যে চৰকাৰ বা প্ৰশাসনে সকলো ক্ষেত্ৰতে সকলো ঠিক কৰাটো সম্ভৱ নহ’বও পাৰে। গতিকে গ্ৰাহক সংগঠিত হোৱাটো প্ৰয়োজন।"
বৈঠকত বিশেষ অতিথি হিচাপে উপস্থিত থকা কাছাৰ গ্ৰাহক আদালতৰ সদস্য ন্যায়াধীশ দীপান্বিতা গোম্বামীয়ে ভাষণত কয় যে অসাধু ব্যৱসায়ীৰ দ্বাৰা কোনোধৰণৰ সেৱাৰ পৰা বঞ্চিত হ’লে যি কোনো গ্ৰাহকে নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ সকলো নথি-পত্ৰ লৈ বিচাৰৰ বাবে আহিব পাৰে ।
সকলো নথি-পত্ৰ ঠিক হ’লে তাতেই তেওঁৰ ন্যায্য বিচাৰ হ’ব । এইক্ষেত্ৰত গ্ৰাহক সুৰক্ষা সমিতিয়ে গ্ৰাহকক সঠিক দিশত পথ প্ৰদৰ্শন কৰিব পাৰে ৷ সভাৰ অতিথি খাদ্য সুৰক্ষা বিষয়া মীৰা হুছেইনে কয় যে মিশ্ৰিত খাদ্য বিক্ৰেতাৰ বিৰুদ্ধে কোনো ধৰণৰ অভিযোগ থাকিলে খাদ্য সুৰক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰে ৷ কিন্তু এইক্ষেত্ৰত গ্ৰাহকে অভিযোগ দাখিল কৰিব লাগিব ৷
সভাৰ মুখ্য অতিথি বিষ্ণু দেৱনাথে বিভিন্ন আইনৰ বিষয়ে ব্যাখ্যা কৰি কয় যে চৰকাৰে গ্ৰাহকৰ সুবিধাৰ্থে বিভিন্ন আইন তৈয়াৰ কৰিছে ৷ বিশেষকৈ ভাৰতৰ সংসদে প্ৰণয়ন কৰা শক্তিশালী আইন গ্ৰাহক সুৰক্ষা আইন ২০১৯ ।
চৰকাৰৰ বহু সংস্থাও আছে য’ত গ্ৰাহকে প্ৰতাৰণাৰ প্ৰতিকাৰ বিচাৰিব পাৰে । কিন্তু দুৰ্ভাগ্যজনকভাৱে সচেতনতাৰ অভাৱত আইনৰ মাজতো গ্ৰাহকসকল প্ৰায়ে ইয়াৰ পৰা বঞ্চিত হয় ।
Published by: Gautam Barman
FIRST PUBLISHED : March 15, 2023, 19:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।