বিশ্বজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইক (Lovlina Borgohain) সম্বৰ্ধনা জনালে অসম আৰক্ষীয়ে (Assam Police)। বিশ্ব বক্সিং চেম্পিয়নশ্লীপত স্বৰ্ণপদক লাভ কৰাৰ পিছত অসম আৰক্ষীৰ ফালৰ পৰা লাভলীনাক আজি জনোৱা হয় সম্বৰ্ধনা। অলিম্পিকত পদক লাভৰ পিছতে লাভলীনাক প্ৰদান কৰা হৈছিল অসম আৰক্ষীৰ উপ–আৰক্ষীকৰ পদ। লাভলীনালৈ অসম আৰক্ষীৰ ফালৰ পৰা এটা ফ্লেট প্ৰদান কৰিব বুলিও ঘোষণা কৰে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে।
এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি লাভলীনাই কয়, ‘‘মই ধন্যবাদ জনাইছোঁ অসম আৰক্ষীক। মোক কম দিনৰ ভিতৰত বহুতো শিকাইছে। মোৰ খেলৰ বাবে মই ভালদৰে আৰক্ষীৰ লগত জড়িত হ’ব পৰা নাই। কিন্তু খুব কম দিনৰ ভিতৰত মই বহুত শিকিব পৰিছো। দেৰগাঁৱত প্ৰশিক্ষণ লৈছো। দেৰগাঁৱত লোৱা প্ৰশিক্ষণৰ বাবে সময়ৰ লগত খোজ মিলাব পাৰিছো।’’
‘‘সকলোৰে কাৰণে মই সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছো। অসম আৰক্ষীৰ সকলোৱে মোক বহুত সহযোগ কৰিছে। মোৰ খেলৰ পূৰ্বে DGP ছাৰে প্ৰতিদিনে খবৰ লৈছে।’’ ক’লে লাভলীনাই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 31, 2023, 14:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।