১ আগষ্টৰ পৰা ৭ আগষ্টলৈ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহ পালন কৰা হয় বিশ্বজুৰি। ৰাজ্যত চলি আছে বিশ্ব মাতৃদুগ্ধ পান সপ্তাহ। ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহ পালন কৰা হয় বিশ্বজুৰি।
শিশুৰ স্বাস্থ্য আৰু শাৰীৰিক বিকাশৰ বাবে মাতৃদুগ্ধৰ উপকাৰিতাক লৈ সজাগ কৰাৰ উদ্দেশ্যে বিশ্ব স্বাস্থ্য সংস্থাই পালন কৰি অহা এই মাতৃদুগ্ধ পান সপ্তাহতেই অসমত ঘটিল ভয়াৱহ ঘটনা।
কাকপথাৰৰ ন-মাইঠং অংগনৱাড়ী কেন্দ্ৰত সুজিৰ লগত ফেনাইল মিহলি হোৱাত ১০ ছাত্ৰ-ছাত্ৰী চিকিৎসাধীন হবলগীয়া হয়।
বিশ্ব স্তন পান সপ্তাহ (World Breastfeeding Week) উদযাপনৰ সময়তে এই ভয়াবহ ঘটনা সংঘটিত হয়। গাখীৰ বুলি খাদ্যত মিহলি কৰা হৈছিল ফেনাইল। ঘটনাটোত অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Published by: Gautam Barman
First published: August 05, 2022, 17:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|