বৃহস্পতিবাৰে আছিল বিশ্ব এইডছ দিৱস। এইডছ নামৰ ভয়াৱহ ৰোগবিধৰ বিৰুদ্ধে সজাগতা অনাৰ উদ্দেশ্যেৰে ১৯৮৪ চনৰ পৰা প্ৰতিবছৰে বিশ্বজুৰি এইডছ দিৱস উদযাপন কৰি অহা হৈছে। বৃহস্পতিবাৰেও দেশৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো এইডছ দিৱস পালন কৰা হৈছে। এইডছ দিৱসৰ দিনাই পোহৰলৈ আহিছে নগাঁৱত এইডছ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ উদ্বেগজনক খবৰ।
নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ইনটিগ্রেটেড কাউন্সিলিং এণ্ড টেষ্টিং চেন্টাৰ (আইচিটিচি)ৰ পৰা পোৱা তথ্য অনুসৰি, নগাঁও জিলাত চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা অক্টোবৰ পৰ্যন্ত মাত্র ১০টা মাহতেই মুঠ ৫৮৫ গৰাকী এইডছ আক্রান্ত চিনাক্ত কৰা হৈছে। এওঁলোকৰ ভিতৰত ৫৬১ গৰাকী পুৰুষ আৰু ২৪ গৰাকী মহিলা।
উল্লেখযোগ্য যে বিগত চাৰিটা বছৰৰ ভিতৰত ২০২২ বৰ্ষতেই জিলাখনত সৰ্বাধিক সংখ্যক এইডছ আক্রান্তক চিনাক্ত কৰা হৈছে। উল্লেখ্য যে জিলাখনত ২০১৯ চনত ৬৭ জন, ২০২০ চনত ৩৯ জন, ২০২১ চনত ২৬০ জন লোক মাৰাত্মক এইডছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছিল। ২০১৯ চনৰ জানুৱাৰীৰ পৰা ২০২২ চনৰ অক্টোবৰ পৰ্যন্ত জিলাখনত মুঠ ৯৫১ গৰাকী লোক এইডছত আক্রান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে।
ইপিনে, নগাঁও কেন্দ্ৰীয় কাৰাগাৰ আৰু নগাঁও বিশেষ কাৰাগাৰতো মুঠ ৬৪ গৰাকী কয়দী এইডছত আক্ৰান্ত হোৱা বুলি ইতিপূৰ্বে চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত নগাঁও কেন্দ্রীয় কাৰাগাৰত ৩৬ গৰাকী এইডছ আক্ৰান্ত আৰু নগাঁও বিশেষ কাৰাগাৰত ২৮ গৰাকী এইডছ আক্রান্ত কয়দী আছে বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।
অসুৰক্ষিত যৌন সম্পৰ্ক আৰু ড্ৰাগছৰ অবাধ প্রচলন, একেটা বেজীৰ জৰিয়তে দেহত ড্ৰাগছ লোৱা, এইডছৰ পৰীক্ষা নকৰা, আনৰ তেজ লোৱা আদি বিভিন্ন কাৰণৰ বাবেই জিলাখনত এইডছ আক্রান্ত লোকৰ সংখ্যা অতি উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।
ইপিনে, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ এ আৰ টি চেন্টাৰৰ পৰা পোৱা তথ্য অনুসৰি, এই চেন্টাৰৰ জৰিয়তে ২০১৫ চনৰ পৰা ২০২২ চন পর্যন্ত ১৩০০ এইডছ আক্রান্ত লোকে যাৱতীয় চিকিৎসা গ্ৰহণ কৰিছে। এওঁলোকৰ ভিতৰত এহেজাৰ পুৰুষ আৰু তিনিশ গৰাকী মহিলা। আই চি টি চি চেন্টাৰত (এইডছ ৰোগ নিৰ্ণয় কেন্দ্ৰ) পৰীক্ষাৰ পাছত জিলাখনত চলিত বৰ্ষৰ মাত্ৰ ১০ টা মাহতে (জানুৱাৰীৰ পৰা অক্টোবৰ মাহ পৰ্যন্ত) ৫৮৫ গৰাকী লোকৰ দেহত এইছ আই ভি এইডছৰ বীজাণু থকাটো নিশ্চিত কৰিছে স্বাস্থ্য বিভাগে।
অৱশ্যে নগাঁও জিলাত এইডছ আক্রান্ত লোকৰ সংখ্যা চৰকাৰী সংখ্যাতকৈ আৰু অধিক হোৱাৰ আশংকা আছে। কিয়নো মুখ লজ্জাৰ ভয়তেই বহু এইডছ আক্রান্ত লোকে এই কেন্দ্ৰসমূহত ৰক্ত পৰীক্ষা কৰিবলৈ নাযায়। তথ্য মতে, এই পর্যন্ত জিলাখনৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ আই চি টি চি অর্থাৎ ইনটিগ্রেটিভ কাউন্সিলিং এণ্ড টেষ্টিং চেন্টাৰত লক্ষাধিক লোকে আহি কাউন্সিলিং কৰাৰ বিপৰীতে এইছ আই ভি পৰীক্ষা কৰোৱা লোকৰ সংখ্যা সীমিত।
তথ্য মতে, নগাঁও জিলাত এইডছ ৰোগ চিনাক্তকৰণৰ বাবে মুঠ তিনিটা আই চি টি চি কেন্দ্র আছে। আই চি টি চি কেন্দ্ৰকেইটা ক্রমে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়, ধিং এফ আৰ ইউ আৰু জখলাবন্ধা এফ আৰ ইউত আছে। এই আই চি টি চি কেন্দ্ৰসমূহত চিনাক্ত কৰা এইডছ আক্রান্ত ৰোগীসকলক চিকিৎসাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ এ আৰ টি চেন্টাৰলৈ পঠিওৱা হয়। তাৰ পৰাই তেওঁলোকক নিয়মীয়াকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ ঔষধ যোগান ধৰা হয়। জিলাখনত এইডছ নিয়ন্ত্ৰণৰ বাবে নৱোদয় আৰু আকিনছন নামৰ দুটা স্বেচ্ছাসেৱী অনুষ্ঠানক দায়িত্ব দি প্ৰতি বছৰে বুজন পৰিমাণৰ ধনো আবন্টন দি থকা হৈছে যদিও তেওঁলোকৰ কাম-কাজক লৈ ৰাইজ মুঠেই সুখী নহয়। জিলাখনত এতিয়াও এইছ আই ভিৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাত স্বেচ্ছাসেৱী অনুষ্ঠান দুটা বিশেষ সফল হ'ব পৰা নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|