মুখ্যপৃষ্ঠা »খবৰ »অসম »‘সাম্প্ৰতিক সময়ত শিক্ষকসকলে হেৰুওৱা মান-মৰ্যাদা পুনৰ ঘূৰাই আনিব নতুন শিক্ষা নীতিয়ে’

‘সাম্প্ৰতিক সময়ত শিক্ষকসকলে হেৰুওৱা মান-মৰ্যাদা পুনৰ ঘূৰাই আনিব নতুন শিক্ষা নীতিয়ে’

অধ্যক্ষা গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি আৰু কয়, শিক্ষা ব্যৱস্থাটোক এক ব্যৱসায়িক দৃষ্টিৰে লৈ যোৱা হৈছে।

অধ্যক্ষা গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি আৰু কয়, শিক্ষা ব্যৱস্থাটোক এক ব্যৱসায়িক দৃষ্টিৰে লৈ যোৱা হৈছে।

অধ্যক্ষা গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি আৰু কয়, শিক্ষা ব্যৱস্থাটোক এক ব্যৱসায়িক দৃষ্টিৰে লৈ যোৱা হৈছে।

  • Share this:
"সাম্প্ৰতিক সময়ত শিক্ষক সকলৰ মান মৰ্যাদা বহু গুণে হ্ৰাস পাইছে। ইয়াৰ কাৰণ হ'ল প্ৰচলিত শিক্ষা ব্যৱস্থা। শিক্ষকসকলৰ হেৰুৱা মান পুনৰ ঘুৰাই আনিবলৈ নতুন শিক্ষা নীতিত কেতবোৰ পৰামৰ্শৰ কথা উল্লেখ কৰা হৈছে।"- এই মন্তব্য কলেজ অৱ ইডুকেচনৰ অধ্যক্ষা ড০ মানশিখা বৰুৱাৰ।

দেওবাৰে ফলাহ গ্ৰুপ ইনষ্টিটিউটছ চমুকৈ এফ জি আই ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ উদ্যোগত শিক্ষানুষ্ঠানখনৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় শিক্ষা নীতি- ২০২০ৰ ওপৰত অনুষ্ঠিত কৰ্মশালাত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰি ড০ বৰুৱাই লগতে কয়, "শিক্ষক-শিক্ষয়িত্ৰী সকলে শিক্ষকতাটোক বৃত্তিৰ পৰিৱৰ্তে এক সেৱাৰ মনোভাৱেৰে ল’ব লাগে। তেতিয়াহে গুণগত শিক্ষা আশা কৰিব পাৰি।

অধ্যক্ষা গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি আৰু কয়, শিক্ষা ব্যৱস্থাটোক এক ব্যৱসায়িক দৃষ্টিৰে লৈ যোৱা হৈছে। একাংশ শিক্ষানুষ্ঠানে শিক্ষক প্ৰশিক্ষণ তথা বি এড ডিগ্ৰীকো বিক্ৰী কৰাৰ অভিযোগ উঠিছে। নতুন শিক্ষা নীতিয়ে তেনে শিক্ষানুষ্ঠান বন্ধৰ পৰামৰ্শ দিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অধ্যক্ষাগৰাকীয়ে।

উদ্যোক্তা অনুষ্ঠানৰ ছেয়াৰমেন ছিৰাজ উদ্দিন আহমেদে বিষয়বস্তু উপস্থাপন আৰু আদৰণি ভাষণৰে উদ্বোধন কৰা এদিনীয়া কৰ্মশালাত কলেজ অৱ ইডুকেচনৰ অধ্যাপিকা ড০ শেৱালি বৰাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি কয়, "আমাৰ মানুহে ইংৰাজী জানিলে বিজ্ঞ মানুহ বুলি জ্ঞান কৰে। যাৰ ফলত বহুতে নিজৰ মাতৃভাষা অসমীয়াক পাহৰি গৈছে। সেই কাৰণে ৰাষ্ট্ৰীয় নতুন শিক্ষা নীতিয়ে মাতৃভাষাতে শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদানত গুৰুত্ব দিয়া বুলি উল্লেখ কৰি ড০ বৰাই কয় যে ছাত্ৰ-ছাত্ৰী সকলে এতিয়াৰে পৰা তিনি ভাষাৰ আধাৰত নিজৰ পচন্দ অনুসৰি বিষয় বাছনি কৰিব পাৰিব। প্ৰচলিত পাঠ্যক্ৰমত কেতবোৰ কেৰোণ থকাৰ বাবে বহু ক্ষেত্ৰত আমি দক্ষ মানৱ সম্পদ গঢ়াত ব্যৰ্থ হৈছোঁ। সেই কাৰণে শিক্ষাৰ্থী সকলক প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ় দিবলৈ নতুন শিক্ষা নীতিত কিছুমান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে।

কৰ্মশালাখনিৰ অন্য এগৰাকী সমল ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্ববিদ্যালয়, নগাঁৱৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ ত্ৰিৱেনী শ‌ইকীয়াই কয় যে নতুন শিক্ষা নীতিয়ে ছাত্ৰ-ছাত্ৰী সকলক বিশ্ব মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ চেষ্টা চলাব। তেওঁ নতুন শিক্ষা নীতিৰ প্ৰতিটো দফা পূংখানুপুংখভাৱে আলোচনা দাঙি ধৰি কয় যে বিজ্ঞান শাখাৰ ছাত্ৰজনে অকল বিজ্ঞান শিক্ষাতে নিজৰ জ্ঞান আবদ্ধ নকৰি সকলো দিশতে জ্ঞান আহৰণ কৰাৰ স্বাধীনতাৰ কথা উল্লেখ কৰা হৈছে। যাতে শিক্ষাৰ্থীজনে বিশ্ব মানৱ সম্পদ হিচাপে নিজকে গঢ় দিয়াৰ সুবিধা লাভ কৰে। এফ জি আইৰ শিক্ষা বিভাগৰ প্ৰবক্তা মাহবাবুৰ ৰহমানে আঁত ধৰা কৰ্মশালা খনিত নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ প্ৰায় দুই শতাধিক শিক্ষানুষ্ঠানৰ মূৰব্বী উপস্থিত থাকে।

শেহতীয়া বাতৰি