ভাৰত চৰকাৰৰ গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ অধীনস্থ গ্রাহক পৰিক্ৰমা বিভাগে অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহযোগত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ গ্ৰাহকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে শুক্ৰবাৰে এক সজাগতামূলক কৰ্মশালাৰ আয়োজন কৰে। গুৱাহাটীৰ নেডফি হাউছত অনুষ্ঠিত এই এদিনীয়া কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ।
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি ভাৰত চৰকাৰৰ গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব ৰোহিত কুমাৰ সিঙে কয় যে দেশৰ প্ৰতিগৰাকী নাগৰিকে একোগৰাকী গ্ৰাহক হোৱাৰ পৰিপ্ৰেক্ষিতত এই বিভাগৰ সেৱা বিচৰা লোকৰ সংখ্যাও সৰ্বাধিক। সামগ্ৰীৰ মান, মাপ, মূল্য সকলো ক্ষেত্ৰতে গ্ৰাহকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাটো অতিকে জৰুৰী। ইয়াৰ বাবে সংশ্লিষ্ট সকলোৱে হাতে হাত ধৰি কাম কৰিব লাগিব আৰু প্ৰতিগৰাকী গ্রাহককে এই দিশসমূহৰ বিষয়ে সজাগ কৰিব লাগিব। তেওঁ সকলো ৰাজ্যৰ প্ৰতিখন জিলাতে মূল্য নিৰ্দ্ধাৰণকাৰী পদ্ধতি স্থাপন কৰিবলৈ অনুৰোধ জনায় এইক্ষেত্ৰত সকলো সহায় আগবঢ়াব বুলি উল্লেখ কৰি অহা বছৰৰ মাৰ্চৰ ভিতৰত দেশত ৭৫০ টাতকৈ অধিক তেনে কেন্দ্ৰ স্থাপনৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰে। গ্ৰাহক সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰতো কেন্দ্রীয় বিভাগটোৱে সহযোগিতা আগবঢ়াব বুলি তেওঁ কয়। গ্রাহক সুৰক্ষা কৰ্তৃপক্ষৰ সংখ্যাৰ ক্ষেত্ৰতো দেশৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চল মজবুত বুলি তেওঁ প্ৰশংসা কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই ই-দাখিল প্ৰক্ৰিয়া অৱলম্বন কৰাৰ বাবেও তেওঁ সন্তুষ্টি ব্যক্ত কৰে। সমগ্ৰ দেশতে বর্তমান চাৰে পাঁচ লাখ গ্রাহক সুৰক্ষা সম্পৰ্কীয় মোকৰ্দমা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰে অধিক সংখ্যকেই বীমা সম্পৰ্কীয়৷ আজিৰ কর্মশালাই সকলোকে গ্রাহক সুৰক্ষা সমপৰ্কত সজাগ কৰিব বুলি তেওঁ আশা প্রকাশ কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসমৰ মুখ্য সচিব বৰঠাকুৰে গুৱাহাটীত এই কৰ্মশালা আয়োজন কৰাৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জনায়। আয়োগৰ সক্ৰিয় ভূমিকাৰ বাবে বহু ক্ষেত্ৰত আয়োগৰ নাম লৈও গ্রাহক হিচাপে তেওঁ নিজেও উপকৃত হোৱা বুলি উল্লেখ কৰি গ্ৰাহক সুৰক্ষাৰ সকলো দিশ সম্পৰ্কত আজিৰ কৰ্মশালাই বিশ্লেষণ আগবঢ়াব বুলি আশা প্রকাশ কৰে।
ভাৰত চৰকাৰৰ গ্ৰাহক সুৰক্ষা বিভাগৰ অতিৰিক্ত সচিব নিধি খাড়েয়ে আদৰণি ভাষণ প্রদান কৰা উদ্বোধনী অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় যুটীয়া সচিব অনুপম মিশ্ৰই।
অনুষ্ঠানত অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন শ্যামলকে ধৰি কৰ্মশালাৰ সমল ব্যক্তিসকল, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ গ্ৰহাক সুৰক্ষা আয়োগৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|