ব্ৰজাৱলী ভাষা সম্পৰ্কে কৰ্মশালাৰ শুভাৰম্ভ। আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়াকৈ ব্ৰজাৱলী ভাষা সম্পৰ্কে এখন কৰ্মশালা আৰম্ভ হৈছে। ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ আৰু পৰম্পৰা প্ৰৱাহৰ যৌথ উদ্যোগত আয়োজিত কৰ্মশালাখন উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তই। তেওঁ কয় যে শ্ৰীমন্ত শংকৰদেৱক বুজি পাবৰ বাবে ব্ৰজাৱলীৰ জ্ঞান অপৰিহাৰ্য। তেওঁ ব্ৰজাৱলী ভাষাত ৰচিত অঙ্কীয়া নাটসমূহৰ জনপ্ৰিয়তা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ে।
কৰ্মশালাৰ উদ্বোধনী পৰ্বটোৰ আঁত ধৰে পৰম্পৰা প্ৰৱাহৰ সঞ্চালিকা তথা ছ'চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ উপ-সভাপতি ড° মল্লিকা কন্দলীয়ে। ছ'চাইটী ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ সম্পাদক মৃদু মৌচম বৰাই উদ্দেশ্য ব্যাখ্যা কৰে। উপ সভাপতি ড° মধুচন্দা চলিহা ভূঞাই শলাগৰ শৰাই আগবঢ়ায়।
ছ'চাইটীৰ সভাপতি ড° সঞ্জীৱ কুমাৰ বৰকাকতিয়ে কয় যে ব্ৰজাৱলী এটা কৃত্রিম ভাষা নহয়। তেওঁ কয় যে আধুনিক হিন্দী ভাষাটো শ্ৰীমন্ত শঙ্কৰদেৱৰ অঙ্কীয়া নাটৰ ব্ৰজাৱলী ভাষাৰ পৰা ওলাইছে। পৰম্পৰা প্ৰৱাহৰ সভাপতি উৎপল বৰুৱায়ো দুআষাৰ কয়।
অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড° বসন্ত কুমাৰ গোস্বামীয়ে কৰ্মশালাৰ মূল সমল ব্যক্তিৰূপে অংশগ্রহণ কৰে। তেওঁ ব্ৰজাৱলী ভাষাৰ ইতিহাস ব্যাখ্যা কৰি কিদৰে মাগধী অৱহটঠৰ পৰা এই ভাষাটো ওলাইছে সেইটো দেখুৱায়। তেওঁ কয় যে শ্ৰীমন্ত শংকৰদেৱে সেই সময়ৰ প্রচলিত কথিত ভাষা এটা মান্য ভাষাৰ ৰূপ দিয়ে।
আন এজন সমল ব্যক্তি কনকলাল দাসে আৰু ছ’চাইটীৰ সমন্বয়ক প্ৰদীপ হাজৰিকায়ো অংশগ্রহণ কৰে। উল্লেখযোগ্য যে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্র সমাজ আৰু আন্তঃৰাষ্ট্ৰীয় স্মৃতিসৌধ আৰু স্থান পৰিষদো এই কৰ্মশালাৰ সৈতে সহযোগী হিচাপে আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|