মুখ্যপৃষ্ঠা »খবৰ »অসম »Lakhimpur News: লখিমপুৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিষয়ে কৰ্মশালা আৰু সজাগতা সভা

Lakhimpur News: লখিমপুৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিষয়ে কৰ্মশালা আৰু সজাগতা সভা

Pradhan Mantri Fasal Bima Yojana: এইবাৰ ৰবি শস্যৰ বাবেও এই আঁচনিৰ অধীনত জিলাখনৰ প্ৰায় ৪১ হাজাৰ কৃষকে ইতিমধ্যে শস্যৰ বীমা কৰিছে।

Pradhan Mantri Fasal Bima Yojana: এইবাৰ ৰবি শস্যৰ বাবেও এই আঁচনিৰ অধীনত জিলাখনৰ প্ৰায় ৪১ হাজাৰ কৃষকে ইতিমধ্যে শস্যৰ বীমা কৰিছে।

Pradhan Mantri Fasal Bima Yojana: এইবাৰ ৰবি শস্যৰ বাবেও এই আঁচনিৰ অধীনত জিলাখনৰ প্ৰায় ৪১ হাজাৰ কৃষকে ইতিমধ্যে শস্যৰ বীমা কৰিছে।

  • Share this:
শুকুৰবাৰে লখিমপুৰ জিলা কৃষি বিভাগৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ এখনি কৰ্মশালা আৰু সজাগতা সভাৰ আয়োজন কৰা হয়।

কৃষকসকলে নিজৰ উৎপাদিত শস্যৰ নিৰাপত্তাৰ বাবে যাতে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত বীমা কৰে, তাৰ ওপৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই কাৰ্যসূচী লোৱা হয়।

লখিমপুৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত কৰ্মশালা ও সজাগতা সভাত লখিমপুৰ জিলাৰ বাবে বীমাৰ দায়িত্বত থকা HDFC ERGO GIC Ltdৰ জিলা ক্লাষ্টৰ পৰিচালক ভবেন দাসে আঁচনিখনৰ সন্দৰ্ভত বিস্তৃত বিৱৰণ আগবঢ়ায়। লগতে বীমাকৃত কৃষকসকল এই আঁচনিৰ দ্বাৰা কেনেদৰে উপকৃত হ'ব, সেই সন্দৰ্ভত বিতংভাৱে ব্যাখ্যা কৰে।

উল্লেখ্য যে, এইবাৰ খাৰিফ ছিজনত কৃষকসকলে শালি ধান, মাকৈ আৰু মাটিমাহত বীমা কৰিব পাৰিব। ইয়াৰে শালিধানৰ কাৰণে বীমা কৰাৰ অন্তিম তাৰিখ ৩১ জুলাই। আনহাতে মাকৈ আৰু মাটিমাহৰ বাবে বীমা কৰাৰ অন্তিম তাৰিখ ক্ৰমে ১৫ জুন আৰু ১০ ছেপ্টেম্বৰ,২০২৩ ধাৰ্য কৰা হৈছে।



লখিমপুৰ জিলাৰ জিলা কৃষি বিষয়া ভৱজিৎ দলেই সভাপতিত্ব কৰা আজিৰ এই সজাগতা সভাত নাৰায়ণপুৰৰ মহকুমা কৃষি বিষয়া, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া, জিলাখনৰ কৃষি উন্নয়ন বিষয়াসকল, মিডিয়া বিশেষজ্ঞৰ লগতে লখিমপুৰ জিলা কৃষি বিভাগৰ অন্যান্য বিষয়া, কৰ্মচাৰীসকল উপস্থিত থাকে।

উল্লেখ্য যে, এইবাৰ ৰবি শস্যৰ বাবেও এই আঁচনিৰ অধীনত জিলাখনৰ প্ৰায় ৪১ হাজাৰ কৃষকে ইতিমধ্যে শস্যৰ বীমা কৰিছে। সেইদৰে এই আঁচনিৰ জৰিয়তে এই পৰ্যন্ত জিলাখনৰ ৯৬,২০৬ গৰাকী কৃষক উপকৃত হৈছে।

শেহতীয়া বাতৰি