নলবাৰী, ২৯ মাৰ্চ: আজি নলবাৰী জিলা গ্ৰামোন্নয়ন বিভাগৰ সভাগৃহত নলবাৰী জিলা শিশু সুৰক্ষা গোটৰ তৰফৰ পৰা ৰাজ্যিক শিশু সুৰক্ষা ছ'ছাইটিৰ তত্বাৱধানত তথা নলবাৰী জিলা প্ৰশাসনৰ সহযোগত গাঁও পঞ্চায়তৰ সম্পাদক সকলৰ বাবে বাল্য বিবাহ প্রতিৰোধী আইন-২০০৬ আৰু শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন (পক্স')-২০১২ ৰ সম্পৰ্কিত এক বিশেষ কৰ্মশালা অনুষ্ঠিত হৈ যায় ।
জিলা উপায়ুক্ত গীতিমণি ফুকন, অতিৰিক্ত উপায়ুক্ত চয়নিকা ঠাকুৰীয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈ, জিলা তথ্য আৰু জনসংযোগ বিষয়া চুম্পী চুতীয়াৰ উপস্থিতিত তথা নলবাৰী জিলাৰ শিশু সুৰক্ষা বিষয়া দীপুল বৰাৰ সঞ্চালনাত পুৱা ১১ বজাৰ পৰা বিয়লি ৩.৩০ বজা পৰ্যন্ত অব্যাহত থকা এই কৰ্মশালাখনত বৰ্তমানেও আমাৰ সমাজত শিপাই থকা বাল্য বিবাহ আৰু শিশুৰ যৌন নিৰ্যাতনৰ দৰে ব্যাধিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বিশেষ দুখন আইন ক্ৰমে-বাল্য বিবাহ প্রতিৰোধী আইন-২০০৬ আৰু শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা আইন (পক্স')-২০১২ৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয় ।
আজিৰ কৰ্মশালাখনত নলবাৰী জিলা আইন সেৱা প্ৰাধিকৰণৰ আইন সেৱা সমন্বয়ক তথা অধিবক্তা পংকজ শৰ্মা আজিৰ কৰ্মশালাৰ সমল ব্যক্তি হিচাবে উপস্থিত থাকি পক্স'-২০১২ ৰ ওপৰত এক তথ্য সমৃদ্ধ বক্তব্য আগবঢ়াই সকলোকে শিশু নিৰ্যাতন বুলি ক'ব পৰা সমাজৰ বিকৃত মানসিকতাৰ প্ৰকাৰ, ভয়াবহতা তথা ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ উপলবদ্ধ আইনী ব্যৱস্থাসমূহৰ বিষয়ে কিছুমান বাস্তৱ ঘটনাৰ উদাহৰণেৰে চমুকৈ এক আভাস দিয়াৰ চেষ্টা কৰে ।
আজিৰ কৰ্মশালাখনিত জিলা উপায়ুক্ত গীতিমণি ফুকনে উপস্থিত সকলোকে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত বাল্য বিবাহ আৰু শিশুৰ যৌন নিৰ্যাতন ৰোধ কৰাৰ বাবে সক্ৰিয়তাৰে কাম কৰিবলৈ আহ্বান জনায় । বৰ্তমান জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ডতে গঠিত হোৱা খণ্ড পৰ্য্যায়ৰ শিশু সুৰক্ষা সমিতি সমূহৰ সদস্য সকলক বিশেষ ভাৱে সচেতন আৰু সক্ৰিয় হৈ কাম কৰি যাবলৈ আহ্বান জনায় যাতে অসমৰ ভিতৰতে নলবাৰী জিলাই পোনপ্ৰথমে 'বাল্য বিবাহ মুক্ত' গাঁও ঘোষণা কৰিবলৈ সক্ষম হ'ব পাৰে ।
আজিৰ কৰ্মশালাখনৰ সঞ্চালক তথা নলবাৰী জিলা শিশু সুৰক্ষা বিষয়া দীপুল বৰাই বাল্য বিবাহ প্রতিৰোধী আইন-২০০৬ ৰ ওপৰত এক বিতং 'পাৱাৰ পইণ্ট প্ৰেজেন্টছন' আগবঢ়াই কৰ্মশালাত উপস্থিত সকলোকে এই আইনৰ সকলো দিশ সম্পৰ্কে সজাগ কৰাৰ চেষ্টা কৰে ।
অতিৰিক্ত উপায়ুক্ত চয়নিকা ঠাকুৰীয়াইও নিজৰ চমু ভাষণত খণ্ড পৰ্যায়ৰ শিশু সুৰক্ষা সমিতি সমূহে এই আইন সমূহৰ বিষয়ে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লগতে এই সামাজিক ব্যাধি ৰোধ কৰাৰ বাবে পূৰ্ণ সক্ৰিয়তাৰে কাম কৰি যোৱাৰ পক্ষপাতিত্ব কৰে ।
আজিৰ কৰ্মশালাখনত গাঁও পঞ্চায়ত সম্পাদক সকলৰ উপৰিও সংশ্লিষ্ট বিভাগৰ মুৰব্বী বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল তথা চি.ডি.পি.অ সকল উপস্থিত থাকে । উল্লেখ্য যে আজিৰ কৰ্মশালাখনৰ আদৰণি ভাষণ আগবঢ়াই উদ্দেশ্য ব্যাখ্যা কৰে নলবাৰী শিশু কল্যাণ সমিতিৰ সদস্য ধীৰেন্দ্ৰ শৰ্মাই ।
Published by: Kokil Sarma
FIRST PUBLISHED : March 29, 2023, 19:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।