নগাঁৱত পদপথ দখল কৰি অবৈধ ভাৱে পথৰ দুয়োকাষে গেৰেজ নিৰ্মাণ কৰিছে দুষ্টচক্ৰই, নষ্ট হৈছে সুন্দৰ পথ

News18 Assam | News18-Assam
Updated:June 10, 2021, 2:25 PM IST
নগাঁৱত পদপথ দখল কৰি অবৈধ ভাৱে পথৰ দুয়োকাষে গেৰেজ নিৰ্মাণ কৰিছে দুষ্টচক্ৰই, নষ্ট হৈছে সুন্দৰ পথ
নিমাত পৌৰসভা, বিধায়ক ৰূপক শৰ্মাক ব্যৱস্থা লোৱাৰ বাবে আহ্বান

নিমাত পৌৰসভা, বিধায়ক ৰূপক শৰ্মাক ব্যৱস্থা লোৱাৰ বাবে আহ্বান

  • Share this:
কিছুদিনৰ আগলৈকে নগাঁও চহৰখনৰ ডাঙৰ সমস্যাটোৱেই আছিল পথ আৰু ড্ৰেইনৰ সমস্যা । চহৰখনৰ দীৰ্ঘদিনীয়া এই সমস্যাটো সমাধানৰ লক্ষ্য আগত ৰাখিয়েই বিগত সময় খিনিত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত নগাঁও চহৰৰ প্ৰায় ৮০ শতাংশ পথ নতুনকৈ নিৰ্মাণ কৰাৰ লগতে নগাঁও চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাই পথচোৱাও আহল বহলকৈ নতুনকৈ নিৰ্মাণ কৰাৰ লগতে পথৰ দুয়োকাষে ড্ৰেইন ,পথৰ মাজত ডিভাইদাৰ আৰু পোহৰৰ ব্যৱস্থা কৰা হৈছিল ।

সমগ্ৰ চহৰখনতেই মুল পথৰ দুয়োকাষে এচিচি ব্লকেৰে চহৰ খনলৈ অহা ৰাইজৰ বাবে পাৰ্কিং আৰু খোজকাঢ়ি যাতায়াত কৰাৰ সুন্দৰ ব্যৱস্থা কৰি দিয়া হৈছিল। কিন্তু দুৰ্ভাগ্যৰ কথা যে, নগাঁও চহৰ খনৰ একাংশ  অন্য এলেকাৰ লগতে হয়বৰগাওঁ অঞ্চলত এতিয়া পথৰ দুয়োকাষ আৰু পদপথত গঢ়ি উঠিছে একাংশ গেৰেজ আৰু ইটা শিল বালিৰ ব্যৱসায়ী ।

বিশেষকৈ চহৰ খনৰ হয়বৰগাওঁ হাইস্কুলৰ ওচৰৰ পৰা আকাশবাণী নগাঁও কেন্দ্ৰৰ ওচৰলৈকে সমগ্র অঞ্চলটো এই সকল গেৰেজ বা অনান্য ব্যৱসায়ীয়ে দখল কৰি ভীষণ সমস্যাৰ সৃষ্টি কৰিছে ৰাইজৰ। এই অঞ্চলটোত পূৰ্বেও এইদৰে পথৰ দুয়োকাষ দখল কৰি মূল পথচোৱা ঠেক কৰি সমস্যাৰ সৃষ্টি কৰিছিল এইসকল ব্যৱসয়ীয়ে। বৰ্তমান নতুনকৈ নিৰ্মাণ কৰা পথৰ দুয়োকাষে গধুৰ গধুৰ যান বাহনসমূহ মেৰামতি কৰাৰ বাবে এটা বছৰ পাৰ নহওতেই ভাঙি গৈছে অসংখ্য এচিচি ব্লক। ভাঙি গৈছে ড্ৰেইনৰ ওপৰত দিয়া একাংশ শ্লেপ।

চহৰ খনৰ লক্ষীনগৰ চাৰিআলিটো আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছিল যদিও চাৰিআলিটোত অসংখ্য বৃহৎ বৃহৎ ৰিকভাৰী ভানৰ  পাৰ্কিং , ই-ৰিস্কাৰ গেৰেজ, শিল ,ইটা ,বালিৰ ব্যৱসায়ী, টায়াৰৰ ব্যৱসায়ী ,গেৰেজে আদিয়ে চাৰিআলিটোৰ সৌন্দৰ্য ধ্বংস কৰাৰ লগতে খোজকাঢ়ি অহা যোৱা কৰা লোক সকলৰ ক্ষেত্ৰতো ভীষণ সমস্যাৰ সৃষ্টি কৰিছে ।

নগাঁও জিলা প্ৰশাসন ,পৌৰ সভাই এই সমূহ ব্যৱসায়ীক উচ্ছেদ কৰাৰ বাবে মাজে মাজে দুই এবাৰ আহিছিল যদিও কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজিও এই বৃহৎ অঞ্চলটোৰ পথৰ দুয়োকাষ দখল কৰি আছে এই সকল ব্যৱসায়ীয়ে। পূৰ্বতকৈ এতিয়া আৰু তেওঁলোকৰ বাবে সুবিধা হৈছে এই সমগ্ৰ অঞ্চল এচিচি ব্লকেৰে পকা কৰি দিয়াত। নগাঁও জিলা প্ৰশাসনে এই সমগ্ৰ অঞ্চলৰ পৰা অবৈধ ভাবে স্থাপন কৰা গেৰেজ সমূহৰ লগতে ৰিকভাৰী ভান সমূহ পথৰ দুয়োকাষৰ পৰা আতৰাই জনসাধাৰণৰ যাতায়তৰ উপযোগী কৰি তুলিবৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে ।
Published by: Himangshu Bhuyan
First published: June 10, 2021, 2:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি