জুৰীয়াত বিদ্যুতৰ মাছুল সংগ্ৰহৰ বাবে যোৱা কৰ্মচাৰীৰ দাঁত ভাঙিলে চৰকাৰী বিদ্যালয়ৰ কৰ্মচাৰীয়ে

News18 Assam | News18-Assam
Updated:June 8, 2021, 8:12 PM IST
জুৰীয়াত বিদ্যুতৰ মাছুল সংগ্ৰহৰ বাবে যোৱা কৰ্মচাৰীৰ দাঁত ভাঙিলে চৰকাৰী বিদ্যালয়ৰ কৰ্মচাৰীয়ে
কোনো কথাৰ অৱতাৰণা নকৰাকৈ উপৰ্যুপৰি প্ৰহাৰ কৰে বিদ্যুতৰ মাছুল সংগ্ৰহৰ বাবে যোৱা কৰ্মচাৰীজনক।

কোনো কথাৰ অৱতাৰণা নকৰাকৈ উপৰ্যুপৰি প্ৰহাৰ কৰে বিদ্যুতৰ মাছুল সংগ্ৰহৰ বাবে যোৱা কৰ্মচাৰীজনক।

  • Share this:
বিদ্যুৎ বিভাগৰ উত্তৰণৰ বাবে নৱগঠিত অসমৰ বিজেপি চৰকাৰখনে জাৰি কৰিছে নতুন কেতবোৰ নীতি-নিৰ্দেশনা৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে অনাদায় হৈ থকা চৰকাৰী কৰ্মচাৰীৰ বিদ্যুতৰ বিল দৰমহাৰ পৰা কৰ্তন কৰা হ’ব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ সময়তে বছৰ বছৰ ধৰি বিদ্যুতৰ মাছুল অনাদায় হৈ থকা জুৰীয়াৰ এজন চৰকাৰী বিদ্যালয়ৰ  কৰ্মচাৰীয়ে বিদ্যুৎ মাছুল সংগ্ৰহৰ বাবে যোৱা শক্তি বিভাগৰ এজন কৰ্মচাৰীক গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰি আহত কৰা ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

জুৰীয়া আৰক্ষী থানাৰ এলেকাধীন কছাৰী গাঁৱত বিদ্যুৎ গ্ৰাহকৰ পৰা মঙলবাৰে  বিদ্যুতৰ মাছুল সংগ্ৰহৰ বাবে গৈছিল ইব্ৰাহিম খলিউল্লাহ নামৰ কৰ্মচাৰীজন। দীৰ্ঘদিন ধৰি বিদ্যুতৰ মাছুল অনাদায় হৈ থকা কছাৰী গাঁৱৰ এম ই স্কুলৰ কৰ্মচাৰী আব্দুল চুভানে প্ৰায় ৭ হাজাৰ টকা বিদ্যুতৰ মাছুল পৰিশোধ কৰিবলৈ অমান্তি হোৱাত কৰ্মচাৰীজনে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়ে। ইয়াতেই ক্ষুন্ন হৈ পৰে আব্দুল চুভান নামৰ দায়িত্বজ্ঞানহীন বিদ্যালয়ৰ কৰ্মচাৰীজন আৰু তেওঁৰ পৰিয়াল। বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ঘৰলৈ ওভতাৰ পথত শক্তি বিভাগৰ কৰ্মচাৰীজনৰ উপৰত জপিয়াই পৰে আব্দুল চুভানৰ পৰিয়ালৰ একাংশ লোক।

কোনো কথাৰ অৱতাৰণা নকৰাকৈ উপৰ্যুপৰি প্ৰহাৰ কৰে বিদ্যুতৰ মাছুল সংগ্ৰহৰ বাবে যোৱা কৰ্মচাৰীজনক। আনকি আব্দুল চুভানৰ আক্ৰমণত দুটা দাঁত ভাগি যায় কৰ্মচাৰী জনৰ। পিছত শক্তি বিভাগৰ কৰ্মচাৰীজনৰ চিঞৰ–বাখৰ শুনি ঘটনাস্থলীত উপস্থিত হোৱা একাংশ ৰাইজৰ তৎপৰতাত কোনো মতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় খলিউল্লাহে। ঘটনা সংক্ৰান্তত শক্তি বিভাগৰ কৰ্মচাৰীজনে চৰকাৰী বিদ্যালয়ৰ কৰ্মচাৰী আব্দুল চুভানৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। লগতে শক্তি বিভাগৰ কৰ্মচাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত বিভাগটোৰ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে জুৰীয়াৰ একাংশ লোকে বছৰ বছৰ ধৰি বিদ্যুতৰ মাছুল পৰিশোধ নকৰাতো এটা নিয়মত পৰিণত হৈছে। ইয়াৰ বিৰুদ্ধে বিভাগীয়ভাৱে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ গ’লেই বিদ্যুত বিভাগৰ কৰ্মচাৰীক মাৰপিট, অভব্য আচৰণ কৰাৰ ঘটনাও এক নিয়মত পৰিণত হৈছে।
Published by: Sanjay Kumar Das
First published: June 8, 2021, 8:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি