• Home
  • »
  • News
  • »
  • assam
  • »
  • ষ্টেট বেংকৰ কৰ্মচাৰীৰ দেহত COVID-19 পজিটিভ ওলোৱাৰ পিছতে হাহাকাৰ লাগিছে মঙলদৈত

ষ্টেট বেংকৰ কৰ্মচাৰীৰ দেহত COVID-19 পজিটিভ ওলোৱাৰ পিছতে হাহাকাৰ লাগিছে মঙলদৈত

 অৱশ্যে ২৯ জুনত নমুনা সংগ্ৰহ কৰা আন কৰ্মচাৰীসকলৰ ফলাফল নিগেটিভ আহিছে।

অৱশ্যে ২৯ জুনত নমুনা সংগ্ৰহ কৰা আন কৰ্মচাৰীসকলৰ ফলাফল নিগেটিভ আহিছে।

অৱশ্যে ২৯ জুনত নমুনা সংগ্ৰহ কৰা আন কৰ্মচাৰীসকলৰ ফলাফল নিগেটিভ আহিছে।

  • Share this:
দৰঙত পুনৰ ৪জনৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ অৱস্থিতি। ইয়াৰে এজন মঙলদৈ ষ্টেট বেংকৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী কিশোৰী লাল বাছফৰ। ২৯ জুনত মঙলদৈ ষ্টেট বেংককে ধৰি বিভিন্ন বেংকৰ কৰ্মচাৰীৰ নমুনা সংগ্ৰহ কৰা হৈছিল।

বেংকৰ কৰ্মচাৰীজনৰ দেহত কোভিড–১৯ পজিটিভ ওলোৱাৰ খবৰৰ পিছতে হাহাকাৰ লাগিছে আন কৰ্মচাৰীসকলৰ মাজত। কিয়নো কৰ্মচাৰীজন বেংকটোৰ গাণনিক গৰাকীৰ লগতে অন্যান্য কৰ্মচাৰীৰ লগত সংস্পৰ্শলৈ আহিছিল। অৱশ্যে ২৯ জুনত নমুনা সংগ্ৰহ কৰা আন কৰ্মচাৰীসকলৰ ফলাফল নিগেটিভ আহিছে।

আক্ৰান্ত বাছফৰৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই। মঙলদৈ চহৰৰ ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ ১০০ মিটাৰ এলেকা কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে দৰং জিলা প্ৰশাসনে। মঙলদৈ ষ্টেট বেংকৰ কৰ্মচাৰীৰ পুনৰ নমুনা সংগ্ৰহ কৰিব জিলা স্বাস্থ্য বিভাগে। এতিয়া বেংকলৈ অহা গ্ৰাহকৰ মাজতো সৃষ্টি হৈছে আতংকৰ। পুনৰ গণ সংক্ৰমণৰ আশংকা মঙলদৈত।
First published: