চাৰি বছৰে দৰমহা নাই, ৰঙিয়াত কীটনাশক দ্ৰব্য খাই নিজকে শেষ কৰাৰ চেষ্টা এপল মিলৰ কৰ্মচাৰীৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিলটো কাৰ্যক্ষম কৰাৰ বাবে এবাৰ এবাৰকৈ তিনিবাৰ প্ৰতিশ্ৰুতি দিছিল।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিলটো কাৰ্যক্ষম কৰাৰ বাবে এবাৰ এবাৰকৈ তিনিবাৰ প্ৰতিশ্ৰুতি দিছিল।
- News18 Assam
- Last Updated: November 23, 2020, 8:56 AM IST
একাংশ প্ৰত্যক্ষ দৰ্শীৰ সহযোগত শ্ৰমিকজনক উদ্ধাৰ কৰি ৰঙিয়া পলিক্লিনিক হাস্পাতললৈ প্ৰেৰণ কৰা হয়। পিছত তাৰ পৰা সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰে। বিগত ২৮ বছৰ ধৰি এপল মিলত কৰ্মৰত উমেশ হালৈয়ে শেহতীয়াভাৱে চাৰি বছৰ দৰমহা নাপায় হতাশ হৈ পৰিছিল। বিশেষকৈ পৰিয়াল পোহপাল দিয়াত অসহায় হৈ পৰে দৰমহাৰ পৰা বঞ্চিত কৰ্মচাৰীজন।
উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিলটো কাৰ্যক্ষম কৰাৰ বাবে এবাৰ এবাৰকৈ তিনিবাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ বাবে মিলটোৰ প্ৰায় ৭০০ কৰ্মচাৰীৰ অৱস্থা এতিয়া শোচনীয় হৈ পৰিছে। বহু আন্দোলন, প্ৰতিবাদ কৰাৰ পিছতো কাণসাৰ নাই চৰকাৰৰ।