মুখ্যপৃষ্ঠা »খবৰ »অসম »চৰাইদেউৰ মাইবেলাৰ লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰত ওপৰৰ পৰা পৰি কৰুণ মৃত্যু শ্ৰমিকৰ ...

চৰাইদেউৰ মাইবেলাৰ লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰত ওপৰৰ পৰা পৰি কৰুণ মৃত্যু শ্ৰমিকৰ ...

চৰাইদেউ জিলাৰ অন্যতম শক্তি উৎপাদন কেন্দ্ৰ লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰত পুৱাৰ ভাগত বিদ্যুৎ পৰিবহনৰ তাঁৰ আঁৰি থকা অৱস্থাত ওপৰৰ পৰা পৰি গুৰুতৰ ভাৱে আহত হোৱা এগৰাকী অস্থায়ী শ্ৰমিকৰ পৰৱৰ্তী সময়ত মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

  • Share this:
চৰাইদেউ জিলাৰ মাইবেলাস্থিত অসমৰ অন্যতম শক্তি উৎপাদন কেন্দ্ৰ লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰত আজি পুৱাৰ ভাগত বিদ্যুৎ পৰিবহনৰ তাঁৰ আঁৰি থকা অৱস্থাত ওপৰৰ পৰা পৰি গুৰুতৰ ভাৱে আহত হোৱা এগৰাকী অস্থায়ী শ্ৰমিকৰ পৰৱৰ্তী সময়ত কৰুণ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে কেন্দ্ৰটোৰৱেষ্ট হিট ৰিকভাৰী প্লাণ্টত প্ৰায় ত্ৰিশ ফুট উচ্চতাত বিদ্যুৎ পৰিবহনৰ কিছুমান তাঁৰ আঁৰি থকা অৱস্থাতৰাজীৱ নেৱাৰ (২৮) নামৰ অস্থায়ী শ্ৰমিকগৰাকী হঠাৎ ওপৰৰ পৰা সৰি পৰে। মূৰ, বুকু আদিত গুৰুতৰ ভাৱে আঘাত পোৱা শ্ৰমিক গৰাকীক পাছত সংকটজনক অৱস্থাত সোণাৰিলৈ আৰু পৰৱৰ্তী সময়ত ডিব্ৰুগড়লৈ নিয়া হয় যদিও আদবাটতে তেওঁৰ কৰুণ মৃত্যু হয়। মৃত শ্ৰমিক গৰাকী সোণাৰিৰ চফ্ৰাই বৰপথাৰ অঞ্চলৰ প্ৰয়াত পদ্মবাহাদুৰ নেৱাৰৰ পুত্ৰ আৰু পত্নী সহ এহাল কণ কণ পুত্ৰ, কন্যাৰ পিতৃ বুলি জানিব পৰা গৈছে। ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাছতে কেন্দ্ৰটোত কৰ্মৰত আন আন অস্থায়ী শ্ৰমিকসকলে কৰ্তব্য সমাপন নকৰি তাপবিদ্যুৎ কেন্দ্ৰটোৰ মহাপ্ৰবন্ধক গৰাকীৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান লৈ কেন্দ্ৰটোৰ কৰ্তৃপক্ষৰ আওকণীয়া, গা এৰা মনোভাৱৰ ভাৱে এই ঘটনা সংঘটিত হয় বুলি অভিযোগ কৰি প্ৰতিবাদত সৰব হৈ পৰে। ক্ষুব্ধ শ্ৰমিক সকলে অভিযোগ কৰে যে কেন্দ্ৰটোত কৰ্মৰত অস্থায়ী শ্ৰমিক সকলক যিধৰণৰ নিৰাপত্তা জনিত সা সুবিধা আগ বঢ়াব লাগে সেয়া কৰ্তৃপক্ষই কেতিয়াও আগবঢ়োৱা নাই। সুৰক্ষাজনিত কাৰণত হাতমোজা, হেলমেট আৰু চেফটি বেল্ট শ্ৰমিক সকলৰ বাবে বাধ্যতামূলক যদিও কৰ্তৃপক্ষই শ্ৰমিক সকলক এয়া কাহানিও আগবঢ়োৱা নাই। যাৰবাবে মৰণত শৰণ দি শ্ৰমিক সকলে জীৱন জীৱিকাৰ কথা ভাৱি শ্ৰম কৰি আহিবলৈ বাধ্য হৈ পৰিছে। ইফালে বৃহৎ প্ৰকল্পটোত এখন আওপুৰণি জৰাজীৰ্ণ এম্বুলেন্স ৰাখিয়েই কৰ্তৃপক্ষই কেন্দ্ৰটো চলাই আহিছে। আজি ঘটনাটো সংঘটিত হোৱাৰ পাছত ষ্টাৰ্ট নোহোৱা এম্বুলেন্সখনৰ পৰিৱৰ্তে কেন্দ্ৰটোৰ নিৰাপত্তা বিভাগৰ বাহন এখনেৰে বহু পলমকৈ আহত যুৱক গৰাকীক চিকিৎসালয়লৈ নিব লগা হোৱা ঘটনাটো ইয়াৰ স্পষ্ট উদাহৰণ বুলি ক্ষুব্ধ শ্ৰমিক সকলে অভিযোগ কৰিছে।

শেহতীয়া বাতৰি