মাজুলী (Majuli)ৰ বাবে আজি এক ঐতিহাসিক দিন। মাজুলীবাসীৰ সপোনৰ দলংখন (Majuli Bridge) বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে সকলো কাম। বহু আকাংক্ষিত দলংখনৰ কামৰ আৰম্ভণিক লৈ উৎফুল্লিত মাজুলীবাসী।
আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী সংযোগী (Jorhat-Majuli Bridge) দলংখনৰ নিৰ্মাণৰ কাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই যোৰহাট-মাজুলী সংযোগী দলঙৰ প্ৰথমটো খুটাৰ কামৰ শুভাৰম্ভণি কৰিব । এই কাৰ্যসূচীত উপস্থিত থাকিব মন্ত্ৰী অজন্তা নেওগ (Ajanta Neog) আৰু মন্ত্ৰী বিমল বৰা।
মাজুলীৰ দক্ষিণপাটত দলঙৰ প্ৰথমটো খুঁটাৰ কাম আৰম্ভ হ'ব আজিৰ পৰা। দক্ষিণপাটত নিৰ্মাণ কৰা হৈছে সুবৃহৎ সভাকক্ষ । উপস্থিত থাকিব হাজাৰ-হাজাৰ লোক। এই সভাতে মাজুলীৰ ৫৩৩ গৰাকী মাইক্ৰ' ফাইনেঞ্চ (Micro Finance Loan)ৰ পৰা লোণ লোৱা হিতাধিকাৰীক চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে ৮ ছেপ্টেম্বৰত নিমাতীঘাটত (Nimatighat Boat Tragedy) সংঘটিত হোৱা শোকাৱহ নাও দুৰ্ঘটনাৰ পিছত যোৰহাট-মাজুলী সংযোগী দলংখন নিৰ্মাণৰ দাবী সজোৰে উত্থাপন হৈছিল। তাৰ পিছতে খৰখেদাকৈ এই কামৰ আৰম্ভণি কৰিছে চৰকাৰে।
২০১৬ চনতে মাজুলীত দলংখনৰ নিৰ্মাণৰ ঘোষণা কৰা হৈছিল। ২০২১ চনৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi)য়ে আধাৰশিলা স্থাপন কৰিছিল দলংখনৰ। প্ৰায় ৯২৬ কোটি টকা ব্য সাপেক্ষে দলংখন নিৰ্মাণৰ কাম আৰম্ভ হৈছে। মন্ত্ৰী অজন্তা নেওগক দলংখন নিৰ্মাণৰ তদাৰকৰ দায়িত্ব দিয়া হৈছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|