নাগালেণ্ডত ধাৰাসাৰ বৰষুণ হ’লেই ভয়ংকৰ বিপদ নামি আহিব পাৰে যোৰহাট নগৰলৈ

নগালেণ্ডত হোৱা বৰষুণৰ ফলত ভোগদৈ নদীত ঢল আহিলেই বাঢ়নী পানীত ডুব যাব পাৰে যোৰহাট নগৰৰ বৃহৎ অঞ্চল।
নগালেণ্ডত হোৱা বৰষুণৰ ফলত ভোগদৈ নদীত ঢল আহিলেই বাঢ়নী পানীত ডুব যাব পাৰে যোৰহাট নগৰৰ বৃহৎ অঞ্চল।
- News18 Assam
- Last Updated: April 24, 2020, 9:42 AM IST
এনে এক বিপজ্জনক পৰিস্থিতিৰ মাজত দিন পাৰ কৰিছে যোৰহাট নগৰবাসীয়ে। নগালেণ্ডত হোৱা বৰষুণৰ ফলত ভোগদৈ নদীত ঢল আহিলেই বাঢ়নী পানীত ডুব যাব পাৰে যোৰহাট নগৰৰ বৃহৎ অঞ্চল। কাৰণ বিপজ্জনকভাৱে অৰ্ধনিৰ্মিত অৱস্থাত থাকিল নগৰৰ ৰয়েল ৰোডৰ সমীপৰ ভোগদৈ নদীৰ মথাউৰিটো।
যোৰহাট নগৰৰ মাজেৰে যোৱা ভোগদৈ নদীৰ মথাউৰিৰ পুনৰনিৰ্মাণ আৰু সবলীকৰণৰ কাম আৰম্ভ হৈছিল যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা। পূৰ্বৰ মথাউৰিটোৰ বৃহৎ অংশ খান্দি সবলীকৰণৰ কাম আৰম্ভ কৰা হৈছিল। কিন্তু প্ৰথমে বিভাগীয় সমন্বয়হীনতাৰ ফলত কাম চলিল বহু লেহেমীয়া গতিৰে আৰু পিছলৈ হোৱা লকডাউনৰ ফলত মথাউৰিটোৰ বৃহৎ অংশৰ কাম আধৰুৱা হৈ পৰি ৰয় । ফলত বৰ্তমান ভোগদৈ নদীত পানী বৃদ্ধি পালেই ৰয়েল ৰোডৰ সমীপত মথাউৰি ছিগি নগৰলৈ পানী সোমাই অহাৰ পূৰ্ণ সম্ভাৱনা আছে।
আনহাতে, এই কাম লেহেমীয়া হোৱাৰ অন্তৰালতো আছে নগৰ পানী যোগান ও পয় প্ৰণালী পৰিষদৰ একাংশ বিষয়াৰ অকৰ্মণ্যতা। পলমকৈ ফেব্ৰুৱাৰী মাহত জলসম্পদ বিভাগে কাম আৰম্ভ কৰিলেও মথাউৰিটোৰ কাষতে থকা আৰ্বান পানী যোগান আঁচনিৰ বহু পানী পৰিবাহী পাইপ বিভাগটোৱে সময়মতে আঁতৰাই নিদিয়াৰ ফলতে কামৰ গতি বহু লেহেমীয়া হৈ পৰে। আৰু অৰ্ধনিৰ্মিত অৱস্থাত থকা মথাউৰিটোত লকডাউনৰ মাজতে সৃষ্টি হয় এই ভয়ংকৰ পৰিস্থিতিৰ।
"জলসম্পদ বিভাগে এইবছৰ ফেব্ৰুৱাৰী মাহত মথাউৰিটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। জেচিবিৰে কাম কৰোতে একাংশ লোকৰ বাসগৃহলৈ যোৱা পানী পৰিবাহী পাইপসমূহৰ ক্ষতি হৈছিল। কিন্তু যোৰহাটৰ আৰ্বান পানী যোগান আঁচনিৰ সংশ্লিষ্ট বিষয়াসকলে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰাত বহু দিন ধৰি কাম বন্ধ হৈ থাকে। আৰু তাৰ ফল আজি আমি ভুগিবলগা হৈছে। " ৰয়েল ৰোডৰ বাসিন্দা বাবুল বৰাই এনেদৰে ক্ষোভ প্ৰকাশ কৰে।
স্থানীয় ৰাইজৰ আবেদনৰ পিছতে শেহতীয়াকৈ যোৰহাট জিলা প্ৰশাসনে বিষয়টোত গুৰুত্ব প্ৰদান কৰাৰ পিছত জলসম্পদ বিভাগে কাম আৰম্ভ কৰিছে। বাৰিষাৰ পূৰ্বে এই মথাউৰিৰ কাম সম্পূৰ্ণ নহ’লে কোৰোণা ভাইৰাছৰ পিছত এইবাৰ বাৰিষা বানপানীৰ আতংকত যোৰহাটবাসী ৰাইজে দিন পাৰ কৰিব লগটো নিশ্চিত।