ভাল খবৰ! ৰাজ্যৰ মহিলা আৰু ছাত্ৰ-ছাত্ৰীক চৰকাৰে দিব আৰ্থিক সাহাৰ্য, পিছে কেনেদৰে লাভ কৰিব এই সুবিধা? জানি লওক

Source-Google
ৰাজ্য চৰকাৰে মহিলা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আনিছে ভাল খবৰ। লৈছে বিশেষ আঁচনি।
- News18 Assam
- Last Updated: August 31, 2020, 4:18 PM IST

পিছে কোন সকল মহিলাই লাভ কৰিব এই সুবিধা?
- এই আঁচনিৰ সুবিধা লাভ কৰিবৰ বাবে পৰিয়ালটোৰ মুঠ বাৰ্ষিক আয় ২ লাখতকৈ বেছি হ’ব নোৱাৰিব।
- বিধায়ক, প্ৰাক্তন বিধায়ক, সাংসদ, প্ৰাক্তন সাংসদ, পঞ্চায়তৰ সদস্য, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু কোম্পানীৰ চাকৰিয়াল থকা পৰিয়ালে নাপাব এই আঁচনিৰ ধন।
- চিকিৎসক, চাৰ্টাৰ্ড একউণ্টেন, স্থাপত্যবিদ, অধিবক্তা, চৰকাৰী ঠিকাদাৰ আৰু আয়কৰ পৰিশোধ কৰা লোকৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনিৰ ধন।
- ঠিক তেনে ধৰণে চাৰিচকীয়া গাড়ী, ফ্ৰীজ, ৱাশ্বিং মেচিন আৰু এ চি থকা পৰিয়ালেও নাপাই অৰুণোদয় আঁচনিৰ ধন।

কিয় চৰকাৰে ল’লে এই সিদ্ধান্ত?
বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, হিতাধিকাৰীয়ে ঔষধ ক্ৰয় কৰিবলৈ ৪০০ টকা, ৪ কেজি ৰেচনৰ বাবে ৫০% ৰাজ সাহাৰ্যসহ ২০০ টকা, ৪ কেজি চেনীৰ বাবে ৫০% ৰাজ সাহাৰ্যসহ ৮০ টকা, ফল-মূল আৰু শাক-পাচলিৰ বাবদ ১৫০ টকাকৈ মুঠ ৮৩০ টকা লাভ কৰিব চৰকাৰৰ পৰা। দুই লাখতকৈ কম ভোট থকা সমষ্টিৰ হিতাধিকাৰী হ’ব ১৫ হাজাৰ, আৰু দুই লাখতকৈ বেছি ভোট থকা সমষ্টিৰ হিতাধিকাৰী হ’ব মুঠ ১৭ হাজাৰ। সমগ্ৰ অসমত মুঠ ১৭ লাখ হিতাধিকাৰী হ’ব বুলি আশা কৰিছে চৰকাৰে।

শিক্ষাৰ্থীসকলে লাভ কৰিব ২০ হাজাৰকৈ টকা?
ইফালে শিক্ষাৰ্থীসকলৰ বাবেও ৰাজ্য চৰকাৰে আনিছে বিশেষ আঁচনি। চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্য চৰকাৰে দিব ২০ হাজাৰকৈ টকা। অহা ছেপ্তেম্বৰ মাহৰ পৰা যোগ্য ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব এই ধন। আনন্দৰাম বৰুৱা বঁটাৰ অধীনত প্ৰদান কৰা হ’ব এই ধনৰাশি।