উত্তৰ গুৱাহাটীত ডিঙিত চিপ লৈ বোৱাৰীৰ ফেচবুক লাইভ, তাৰ পিছত...

News18 Assam | News18-Assam
Updated:January 29, 2020, 1:51 PM IST
উত্তৰ গুৱাহাটীত ডিঙিত চিপ লৈ বোৱাৰীৰ ফেচবুক লাইভ, তাৰ পিছত...
দুবছৰ ধৰি সকলো সহ্য কৰি আহিছিল আজিজুল আৰু পত্নীয়ে। কিন্তু আৰু কিমান দিনলৈ?

দুবছৰ ধৰি সকলো সহ্য কৰি আহিছিল আজিজুল আৰু পত্নীয়ে। কিন্তু আৰু কিমান দিনলৈ?

  • Share this:
মাত্ৰ দুবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বোৱাৰীগৰাকী। নিজৰ প্ৰেমক সাৰ্থক ৰূপ দিয়াৰ বাবে উত্তৰ গুৱাহাটীৰ আজিজুল হক নামৰ যুৱকজনে বিয়া পাতিছিল হাজোৰ দমদমাৰ আন সম্প্ৰদায়ৰ যুৱতীগৰাকীক। কিন্তু বিয়াৰ পিছতে অথন্তৰে দেখা দিছিল দুয়োৰে জীৱনত। আন সম্প্ৰদায়ৰ যুৱতী বিয়া কৰোৱাৰ বাবে বিয়াৰ পিছৰে পৰা বোৱাৰীগৰাকীৰ ওপৰত চলিল পৰিয়ালৰ নিৰ্যাতন।

আজিজুলৰ মাতৃ, ভগ্নী আৰু ভনীজোৱাঁয়েকে মিলি বোৱাৰীগৰাকীৰ ওপৰত চলাই গ’ল অকথ্য নিৰ্যাতন। পত্নী খেদি নপঠিওৱাৰ বাবে আজিজুলৰ ওপৰতো চলিল পৰিয়ালৰ অত্যাচাৰ। আজিজুলে অভিযোগ কৰা অনুসৰি, বৰ ৰংমহল গাঁৱৰ একাংশ লোকে বলপূৰ্বকভাৱে পৈত্ৰিক সম্পত্তিৰ পৰা বঞ্চিত কৰাৰ চেষ্টাও চলালে। ইমানেই নহয়, একাংশ ধৰ্মান্ধ লোকে মাৰপিট কৰি মাটিৰ দলিলত চহীও কৰোৱাইছিল আজিজুলক।

দুবছৰ ধৰি সকলো সহ্য কৰি আহিছিল আজিজুল আৰু পত্নীয়ে। কিন্তু আৰু কিমান দিনলৈ? আৰক্ষীক অৱগত কৰিছিল যদিও ঘোচখোৰ আৰক্ষীয়ে টকাৰ বাবে ওলোটাই আজিজুল আৰু তেওঁৰ পত্নীকহে ধমক দিয়াৰ অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীয়ে।

উপায়হীন হৈ বোৱাৰীগৰাকীয়ে ল’লে চৰম সিদ্ধান্ত। অসহায় বোৱাৰীগৰাকীয়ে ডিঙিত চিপ লৈ আত্মহত্যা কৰাৰ সিদ্ধান্ত ল’লে আৰু নিজকে শেষ কৰি পেলোৱাৰ আগতে এই কথা সকলোকে জনাই যোৱাৰ উদ্দেশ্যে কৰিলে ফেচবুক লাইভ। কিন্তু অন্তিম মুহূৰ্তত স্বামী উপস্থিত হৈ উদ্ধাৰ কৰে মহিলাগৰাকীক।

কিন্তু ঘটনা ইমানতে শেষ হোৱা নাছিল। মহিলাগৰাকীক চিকিৎসাৰ অন্তত বাটতে এৰি দিয়ে স্বামী–স্ত্ৰীক। কিন্তু পৰিয়ালৰ অত্যাচাৰৰ ভয়ত ঘৰলৈ যোৱাৰ সাহস নকৰিলে দম্পতীহালে। কণমানি সন্তানৰ সৈতে হাড় কঁপোৱা শীতত পথৰ ওপৰতে নিশা কটাবলগীয়া হ’ল স্বামী–স্ত্ৰীয়ে।

আজিজুলৰ পৰিয়ালৰ দাবী, পত্নীক খেদি নিজ ধৰ্মৰ ছোৱালী বিয়া কৰাব লাগে আজিজুলে। কিন্তু মৰি গ’লেও পত্নীক এৰিব নোৱাৰে বুলি মন্তব্য কৰিছে আজিজুলে। কিন্তু আৰক্ষীয়েও যদি গা এৰা দিয়ে, অসহায় দম্পতীহালক ন্যায় দিব কোনে?
আৰু চাওক
পৰৱৰ্তী বাতৰি